ETV Bharat / state

আছুক বিশৃংখলতাৰ ধ্বজ্জাবাহক আখ্যা বিধায়ক মৃণাল শইকীয়াৰ

author img

By

Published : Dec 10, 2019, 4:30 PM IST

জাতিৰ সংকটৰ সময়ত পুনৰ আছুক সমালোচনা বিধায়ক বিজেপি মৃণাল শইকীয়াৰ ৷ ক'লে আছুৰ কাৰণেই ৰাজ্যৰ চাৰিওফালে বিৰাজ কৰিছে কৰ্মহীনতা আৰু বিশৃংখলতা ৷ অখিল গগৈক বাংলাদেশী মুছলমানৰ পৃষ্ঠকোষক আখ্যা দিলে বিতৰ্কিত বিধায়ক গৰাকীয়ে ৷

বন্ধৰ মাজতে আছুক বিশৃংখলতাৰ ধ্বজ্জাবাহক আখ্যা দিলে মৃণাল শইকীয়াই
বন্ধৰ মাজতে আছুক বিশৃংখলতাৰ ধ্বজ্জাবাহক আখ্যা দিলে মৃণাল শইকীয়াই

গোলাঘাট, 10 ডিচেম্বৰ: অ-সংবিধানিক কেবক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মঙলবাৰে নেছৰ অসম বন্ধৰ দিনটোতে আছুক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ল'লে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই ৷ ইটিভি ভাৰতৰ কেমেৰাৰ সন্মুখত এইবাৰ আছুক কৰ্মহীনতা আৰু বিশৃংখলতা ধ্বজ্জাবাহক আখ্যা দিলে বিধায়ক গৰাকীয়ে। সংগঠনটোক জাতিদ্ৰোহী আখ্যা দি বিধায়ক গৰাকীয়ে কয় যে যি সংগঠনে এটা জাতিক কৰ্মৰ পৰা বিৰত ৰাখে,বিশৃংখল হবলৈ উদ্গনি যোগায় সেই সংগঠন কেতিয়াও জাতীয় সংগঠন হব নোৱাৰে ৷ সংবিধান ৰক্ষাৰ কথা কোৱা আছুৱে বন্ধ,পথত টায়াৰ জ্বলোৱা,আদি উচ্চতম ন্যায়ালয়ে বন্ধ কৰি ৰখা কাৰ্যসূচীবোৰ কিয় হাতত লৈছে বুলিও বিতৰ্কিত মন্তব্য কৰে বিধায়কজনে ৷

আকৌ বিতৰ্কিত বিধেয়কৰ বিস্ফোৰণ

আছুৱে মাদানী,আমছু, জমিয়ত উলেমাৰ লগত সুৰ একেই বুলিও অভিযোগ কৰে কেবক সমৰ্থন কৰি ৰাইজৰ ব্যাপক ককৰ্থনাৰ সন্মুখীন হোৱা বিধায়ক গৰাকীয়ে ৷ আছুৰ বজ্ৰনিনাদত মৃণাল শইকীয়াৰ বুকু নকপে বুলিও সংগঠনটোৰ প্ৰতি তীৰ্যক মন্তব্য কৰে মৃণাল শইকীয়াই ৷ একেদৰে কেবৰ বিৰোধিতা কৰাৰ বাবে কৃষক নেতা অখিল গগৈকো সমালোচনা কৰে গেৰুৱা দল বিধায়কজনে ৷ অখিল গগৈক অবৈধ বাংলাদেশী মুছলমানৰ ৰক্ষক আখ্যা দি খুমটাইৰ বিধায়কজনে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাংলাদেশীক উচ্ছেদ কৰা সময়ত অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছিল গতিকে অখিল গগৈ বাংলাদেশীৰ পক্ষত থকা মানুহ ৷

আৰু পঢ়ক: কেবে জ্বলাইছে ৰাজ্য : প্ৰতিবাদৰ ক'লা ধোৱাই চানিছে অসমৰ আকাশ

Intro:Body:ছাত্ৰ সন্থাৰ বিৰুদ্ধে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ পুনৰ বিস্ফোৰণ। ছাত্র সন্থাক জাতিদ্ৰোহী সংগঠন আখ্যাৰে সমালোচনা কৰি থকা সৰকা। আজি অসমত চাৰিওফালে দেখা গৈছে কৰ্মহীনতা আৰু বিশৃংখলতা, আছু হৈছে এই কৰ্মহীনতা আৰু বিশৃংখলতাৰ ধ্বজ্জাবাহক। আছুৱে নিজকে কয় জাতীয়তাবাদী সংগঠন বুলি। যি সংগঠনে এটা জাতিক কৰ্মৰ পৰা বিৰত ৰাখে, বিশৃংখল হবলৈ উদগনি যোগায় সেই সংগঠন কেতিয়াও জাতীয় সংগঠন হব নোৱাৰে। ছাত্র সন্থা জাতিদ্ৰোহী সংগঠন। আছুৱে সংবিধানৰ কথা কয়, কাম কৰে অসাংবিধানিক, বন্ধ অসাংবিধানিক, পথত টায়াৰ জ্বলোৱা অসাংবিধানিক, এইবোৰ উচ্চতম ন্যায়ালয়ে বন্ধ কৰি ৰাখিছে। গতিকে ছাত্র সন্থাই সংবিধানৰ কথা কোৱাৰ যুক্তি নাই বুলি কয় বিধায়ক মৃণাল শইকীয়াই। আছুৰ লগত মাদানী, আমছু, জমিয়ত, এই আই ইউ ডি এফৰ সুৰ একেই। এওঁলোকে কেবৰ বিৰোধিতা কৰিছে। কেব বাতিল হলে এওঁলোকৰ স্বাৰ্থ পূৰণ হব। সেয়ে প্ৰতিবাদ কৰিছে বুলি সমালোচনা। আছুৰ সমূজ্জল ভট্টাচাৰ্যই মতিউৰ খন্দকাৰ নামৰ গোষ্ঠী সংঘৰ্ষত জৰিত ব্যক্তিক কাষত বহুৱাই বজ্ৰনিনাদ কৰিবলৈ বুকু নকপে বুলিও সমালোচনা। কৃষক মুক্তি সংগ্ৰাম সমিতিকো সমালোচনা কৰি কয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাংলাদেশীক উচ্ছেদ কৰা সময়ত অখিল গগৈয়ে উচ্ছেদৰ বিৰোধীতা কৰিছিল। গতিকে এওঁলোকে বাংলাদেশী পক্ষত থকা নাই জানো বুলিও সমালোচনা।Conclusion:Byte : বিধায়ক মৃনাল শইকীয়া।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.