নিউজ ডেস্ক, 11 জানুৱাৰীঃ আঘোণৰ লখিমীক ভঁৰাললৈ চপাই প্ৰাচুৰ্যৰে ভৰা ভোগৰ বিহুটিক আদৰিবলৈ সাজু হৈ পৰিছে অসমবাসী ৷ সমাগত ভোগৰ উৎসৱ ভোগালী বিহু ! য'ত নিহিত হৈ থাকে কৃষিজীৱী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দ ৷ ভোগালী বিহু উপলক্ষে সকলোৰে এতিয়া অন্ত নোহোৱা হৈছে ব্যস্ততাৰ ৷ ঢেঁকীৰ মাতত চুবুৰী কঁপাই অসমীয়াই যা যোগাৰ চলাইছে ভোগৰ পিঠা-পনাৰ ৷ অসমৰ চুকে কোণে এতিয়া প্ৰস্তুতি চলিছে সংকটৰ মাজতো বাপতি সাহোন বিহু উদযাপনৰ ৷
লগতে পঢ়কঃ গুৱাহাটীত আৰম্ভ খেল’ ইণ্ডিয়া ২০২০