ETV Bharat / state

নিমখ বেচি খায় বাবে বাগিচাৰ লোকসকলৰ স্বাস্থ্যৰ সমস্যা বেছি: অজন্তা নেওগ

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:41 PM IST

Updated : Nov 18, 2023, 9:20 PM IST

মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সবলীকৰণৰ ওপৰত বকিয়াল চাহ বাগিচা খেল পথাৰত বৃহৎ সজাগতা সভা । উপস্থিত থাকে বিত্ত, সমাজকল্যাণ, মহিলা আৰু শিশু বিকাশ আদি দপ্তৰৰ মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক বিশ্বজিৎ ফুকন ৷

Awareness meeting for women empowerment in Golaghat
মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সবলীকৰণৰ ওপৰত সজাগতা সভা

গোলাঘাট,১৮ নৱেম্বৰ: আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি অসমৰ চাহ বাগিচা অঞ্চলৰ মাহজোৰা কাৰ্যসুচীৰ অংশস্বৰূপে মহিলা আৰু কন্যা শিশুসকলৰ সুৰক্ষা আৰু সবলীকৰণৰ অৰ্থে শনিবাৰে গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি মৌজাৰ বকিয়াল চাহ বাগিচা খেলপথাৰত মহিলা সুৰক্ষা, নিৰাপত্তা আৰু সবলীকৰণৰ ওপৰত বৃহৎ জন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

সভাত অসম চৰকাৰৰ বিত্ত, সমাজকল্যাণ আদি দপ্তৰৰ মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বভাগৰ সঞ্চালক বিভাস মোদী, গোলাঘাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা সম্পাদক ঘনশ্যাম বাঢ়ৈ, জিলা বিজেপি সভাপতি দেব প্ৰদীপ বৰা আদি উপস্থিত থাকে ৷

বিধায়ক বিশ্বজিৎ ফুকনে আদৰণি ভাষণত মৰঙিৰ গোবিন্দপুৰ আৰু ৰঙাজান চাহ বাগিচাত পুনৰ দুখনকৈ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুমোদন কৰা বুলি উল্লেখ কৰে ৷ ইতিমধ্যে বকিয়াল চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ মন্ত্ৰী অজন্তা নেওগে ভাষণ প্ৰসংগত উল্লেখ কৰে যে চাহ বাগিচা অঞ্চলৰ মহিলা আৰু কন্যা শিশুৰ জীৱন ধাৰণ, স্বাস্থ্য, শিক্ষাৰ উন্নতি হলেহে অসমে আগুৱাব পাৰিব ৷

সেয়ে চৰকাৰে বাগিচাৰ মহিলা আৰু কন্যা শিশুৰ উন্নয়নৰ বাবে বহু আচঁনি গ্ৰহণ কৰি কাৰ্যকৰী ব্যবস্থা হাতত লৈছে ৷ বাগিচা অঞ্চলৰ ৰাইজক উদ্দেশ্যি সাংসদ কামাখ্যা প্ৰসাদ তাচাই কেবাটাও গুৰুত্বপূৰ্ণ বক্তব্য কৰা পৰিলক্ষিত হয় ৷ এই সজাগতামূলক সভাখনত সহস্ৰাধিক বাগিচাৰ ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক: দলগাঁৱৰ অঙ্গক্ষত চাহ শ্ৰমিক ৰূপালী এক্কাক চৰকাৰৰ আৰ্থিক সাহাৰ্য

Last Updated : Nov 18, 2023, 9:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.