ETV Bharat / state

Assam Sanskritik Mahasangram : দুদিনীয়া কাৰ্যসূচীৰে বোকাখাতত আৰম্ভ অসম সাংস্কৃতিক মহাসংগ্ৰাম

অসমক সাংস্কৃতিক ক্ষেত্ৰখনত চহকী বুলি কোৱা হয় ৷ তৃণমূল পৰ্যায়ত সাংস্কৃতিক প্ৰতিভাসমূহক উলিয়াই অনাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এই অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023-24 ৷

Assam Sanskritik Mahasangram
দুদিনীয়া কাৰ্যসূচীৰে বোকাখাতত আৰম্ভ অসম সাংস্কৃতিক মহাসংগ্ৰাম
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 9:30 AM IST

দুদিনীয়া কাৰ্যসূচীৰে বোকাখাতত আৰম্ভ অসম সাংস্কৃতিক মহাসংগ্ৰাম

বোকাখাত, 15 নৱেম্বৰ : দুদিনীয়া কাৰ্যসূচীৰে যোৱা 14 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ গোলাঘাট জিলাৰ বোকাখাতত আৰম্ভ হৈছে অসম চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰাম ৷ জিলাখনৰ তৃণমূল পৰ্যায়ত সাংস্কৃতিক প্ৰতিভাসমূহক উলিয়াই অনাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এই অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023-24 ৷

এই সাংস্কৃতিক অনুষ্ঠানৰ একক শিতানত জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আৰু দলীয় শিতানত বিহু নাচ আৰু পৰম্পৰাগত নৃত্য অনুষ্ঠিত কৰা হৈছে ৷ বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আৰম্ভ কৰা হৈছে এই সাংস্কৃতিক প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ বাবে বয়সৰ ক্ষেত্ৰত তিনিটা শাখা ভাগ কৰা হৈছে ৷ 12-18 বছৰলৈ, 19 ৰ পৰা 24 বছৰলৈ আৰু 25 ৰ পৰা 35 বছৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷ ইতিমধ্যে বোকাখাত পৌৰসভা এলেকাৰ 208 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷

তথ্য অনুসৰি, অহা 1 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমষ্টি পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। আনহাতে 2024 চনৰ 2 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জিলা পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো বিজয়ী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব।

ইপিনে, বিহু আৰু পৰম্পৰাগত নৃত্যৰ ক্ষেত্ৰত দলীয় প্ৰতিযোগিতাৰহে অনুমতি দিয়া হৈছে। সংগীতৰ ক্ষেত্ৰত সদস্যৰ সংখ্যা বাদ্যযন্ত্ৰীসহ সৰ্বাধিক 15 জন। জিলা পৰ্যায়লৈকে প্ৰতিযোগীসকলৰ বাবে সৰ্বাধিক সময় 5 মিনিট, ৰাজ্যিক পৰ্যায়ত 7 মিনিট ধাৰ্য কৰা হৈছে।

ৰাজ্যিক পৰ্যায়ত প্ৰথম পুৰস্কাৰ প্ৰাপকলৈ 1 লাখ টকা, দ্বিতীয় বিজয়ীলৈ 75 হাজাৰ টকা আৰু তৃতীয় বিজয়ীলৈ 50 হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Panbazar Police Station : হাতত কেৱল চকলেট লৈ 15 মিনিটৰ বাবে অ’চি হ’ল তিনিবছৰীয়া অয়াংশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.