গোলাঘাট, 1 এপ্ৰিলঃ আগন্তুক নিৰ্বাচন আৰু ৰাজনীতিয়ে এইবাৰ প্ৰভাৱ পেলাইছে ছাত্ৰ ছাত্ৰীৰ শিক্ষা খণ্ডৰ ওপৰত৷ দৰাচলতে গোলাঘাটৰ নুমলীগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্বাচনী সভাৰ বাবে সোমবাৰে অৰ্ধ ছুটী দিয়া হ'ল দুখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক৷ এনে কাৰ্যই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সচেতন মহলত৷
কলিয়াবৰ লোকসভা সমষ্টিৰ সৰুপথাৰ বিধানসভাৰ নুমলীগড় পুৰাবাংলাত অনুষ্ঠিত নিৰ্বাচনী সভাৰ বাবে বিদ্যালয় দুখনৰ সন্মুখত থকা খেলপথাৰ ব্যৱহাৰ কৰাৰ ফলত ছাত্ৰ ছাত্ৰীৰ পাঠদানত ব্যাঘাত জন্মে ৷ ফলত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ বাবে আধাতে বন্ধ হৈ পৰিল দৈগ্ৰোঙ বাগিচা প্ৰাথমিক বিদ্যালয় আৰু পুৰাবাংলা হাইস্কুল। উচ্চ স্তৰত মাইক বাজি থকাৰ বাবেই এনেদৰে আধাতে বিদ্যালয় বন্ধ কৰিবলগীয়া হোৱা বুলি জানিবলৈ দিয়ে একাংশই৷