ETV Bharat / state

এফালে বোকাখাতত অগপৰ ৰণশিঙা আনফালে খুমটাইত এজেপিত অগপ নেতাৰ যোগদান - asom gana parishad likely to lose grip from golaghat

গোলাঘাটত অগপৰ অস্তিত্বৰ দুখন বিপৰীত ছবি ৷ এফালে বোকাখাতত দলটোৱে নিৰ্বাচনী ৰণশিঙা বজোৱাৰ পৰিৱৰ্তে খুমটাইত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহত এজেপিত যোগদান কৰিলে অগপ ত্যাগ কৰা বহু নেতা কৰ্মীয়ে ৷ যোগদান সমাৰোহত উপস্থিত থাকি লুৰিণজ্যোতি গগৈক এজেপিৰ নেতৃত্ব দিবৰ বাবে আহ্বান অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক অদীপ কুমাৰ ফুকনৰ ৷

এফালে বোকাখাটত অগপৰ ৰণশিঙা আনফালে খুমটাইত এজেপি ত যোগদান অগপ নেতাৰ
এফালে বোকাখাতত অগপৰ ৰণশিঙা আনফালে খুমটাইত এজেপিত অগপ নেতাৰ যোগদান
author img

By

Published : Dec 7, 2020, 1:28 PM IST

Updated : Dec 7, 2020, 2:55 PM IST

খুমটাই, 7 ডিচেম্বৰ: 2021 ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ আকৰ্ষণীয় হৈ আহিছে প্ৰতিটো ৰাজনৈতিক দলৰ কুচকাৱাজ ৷ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত নতুন দলৰ আৱিৰ্ভাৱৰ মাজতে এতিয়া আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহত যোগদান প্ৰক্ৰিয়া ৷ এইসমূহৰ মাজতে এতিয়া গোলাঘাটত অগপৰ অস্তিত্বক লৈ সৃষ্টি হৈছে এক ডাঙৰ প্ৰশ্নবোধকৰ ৷ বোকাখাটত অগপ (অসম গণ পৰিষদ) ই নিৰ্বাচনী ৰণশিঙা বজোৱাৰ বিপৰীতে খুমটাইত ঢোলে ডগৰে অগপৰ বহু নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে এজেপি (অসম জাতীয় পৰিষদ) ত যোগদান কৰে ৷

former agp leaders and workers joined ajp
অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পৱন শইকীয়াৰ লগতে অগপ ত্যাগ কৰা বহু নেতা কৰ্মীয়ে এজেপিত যোগদান

গোলাঘাট গণকপুখুৰীত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পৱন শইকীয়াৰ লগতে অগপ ত্যাগ কৰা বহু নেতা কৰ্মীয়ে এজেপিত যোগদান কৰে ৷ এজেপিৰ বিশাল যোগদান সমাৰোহত উপস্থিত থাকি পৰিষদৰ মুখ্য আহ্বায়ক অদীপ কুমাৰ ফুকনে শেহতীয়াকৈ আছু (সদৌ অসম ছাত্ৰ সন্থা) ত্যাগ কৰা লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদত যোগদান কৰাৰ বাবে আহ্বান জনায় ৷

লুৰিণজ্যোতি গগৈক এজেপিৰ নেতৃত্ব দিবৰ বাবে আহ্বান অদিপ কুমাৰ ফুকনৰ

সকলো আঞ্চলিক দল একত্ৰিত হৈ 21 ত অসমত চৰকাৰ গঠমন কৰিব বুলি মন্তব্য কৰি ফুকনে কয় যে খুমটাই সমষ্টিৰ পৰাই দিছপুৰ দখলৰ অভিযান আৰম্ভ হ'ব ৷ ফুকনে কয় যে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াক অসম জাতীয় পৰিষদে প্ৰথম গ'ল দিব ৷ তেওঁ লগতে কয় যে অগপৰ দুৰ্গ হিচাপে পৰিচিত খুমটাইত আঞ্চলিকতাবাদৰ ভেটি পুনৰ সুদৃঢ় কৰাৰ বাবে অসম জাতীয় পৰিষদে প্ৰচেষ্টা গ্ৰহণ কৰিব ৷

উল্লেখ্য যে এই যোগদান সমাৰোহতে খুমটাই সমষ্টিৰ আহ্বায়ক সমিতিখনো গঠন কৰা হয় ৷ অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক অদীপ কুমাৰ ফুকনৰ লগতে অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদ্বীশ ভূঞা আৰু ৰাজু ফুকনেও উক্ত সমাৰোহত অংশ লয় ৷

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে : হাগ্ৰামা মহিলাৰী

Last Updated : Dec 7, 2020, 2:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.