গোলাঘাট, ২৪ নৱেম্বৰ: অসমৰ ৰাজনীতিত এগৰাকী শক্তিশালী ৰাজনৈতিক নেতা হিচাপে নিজৰ স্থিতি প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ গোলাঘাট । ৰাজনৈতিক ক্ষেত্ৰখনত বাট দেখুৱাই আগবঢ়াই নিয়া পিতৃ স্বৰূপ নেতাগৰাকীক হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে গোলাঘাট জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ।
চিৰ সেউজ নেতা প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন কৰি কংগ্ৰেছৰ নেতা-কৰ্মীসকলে তেওঁৰ আত্মীৰ সদগতি কামনা কৰে । কেৱল কংগ্ৰেছ দলৰ নেতা হিচাপেই নহয়, ৰাজনীতিৰ পথাৰত সকলোৰে বাবে আদৰ্শ স্বৰূপ আছিল প্ৰবীন নেতাগৰাকী।
লগতে পঢ়ক:ডিগবৈত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী