ETV Bharat / state

সাপ-ভেকুলীৰ বাসস্থানত পৰিণত এটা চুইমিং পুল

আধাৰশিলা স্থাপনৰ পাচত নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ প্ৰকল্প পৰি ৰোৱাতো সাধাৰণ কথাত পৰিণত হৈছে ৷ তেনেদৰেই এই চুইমিং পুলটোও নিৰ্মাণ হ’ল ঠিকেই, ব্যৱহাৰ পিচে নহ’ল ৷ সেয়ে এতিয়া পৰিণত হৈছে সাপ-ভেকুলীৰ বাসস্থানত ৷

a-undevlopment-swimming-pool-in-bokakhat

author img

By

Published : Jul 22, 2021, 7:40 AM IST

বোকাখাত, 21 জুলাই : সাঁতোৰ কেন্দ্ৰ (swimming pool) বুলিলে সাধাৰণতে মনলৈ আহে নিৰ্মল ফটফটীয়া পানীৰে পৰিপূৰ্ণ এক সুন্দৰ পৰিবেশৰ দৃশ্য । কিন্তু তেনে দৃশ্য দেখা পোৱা নাযায় বোকাখাতৰ (BOKAKHAT) এটা বিশেষ সাঁতোৰ কেন্দ্ৰত ৷ বোকাখাতৰ এই সাঁতোৰ কেন্দ্ৰটোত য’ত ফটফটীয়া পানীৰ বিপৰীতে আছে সাপ ভেকুলীৰে ভৰা আৰু জংঘলে আবৰা এটা পৰিবেশ । উল্লেখযোগ্য যে, বোকাখাত সাঁতোৰ সংস্থাৰ দ্বাৰা পৰিচলিত এই কেন্দ্ৰটো ২০১৮ চনত নুমলীগড় শোধানাগাৰৰ CSR ফাণ্ডৰ অৰ্থ সাহায্যৰে নিৰ্মাণ কৰা হৈছিল ।

২০১৯ চনৰ ২৮ চেপ্তেম্বৰত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই (ATUL BORA) বিধায়ক পুঁজিৰ পৰা ৫০ হাজাৰ টকা আৱন্টন দি কেন্দ্ৰটোত দুটা গভীৰ নলীনাদ স্থাপন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল । সম্প্ৰতি সাঁতোৰ কেন্দ্ৰটোৰ আধাৰশিলা স্থাপনৰ প্ৰায় তিনিবছৰৰ পাছতো সম্পূৰ্ণ নহ‘ল নিৰ্মাণ কাৰ্য । ইপিনে কেন্দ্ৰটো নিৰ্মাণ কৰা সমিতিখনে নিৰ্মাণ কাৰ্য আধাতে সামৰণি মৰাত অৰ্ধনিৰ্মিত কেন্দ্ৰটোৰ প্ৰায়খিনি আন্তঃগাঁঠনি এতিয়া ভাগি ছিগি ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে । একেদৰে কেন্দ্ৰটোৰ বাহ্যিক সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থাও সম্পূৰ্ণ নকৰিলে নিৰ্মাণ সমিতিয়ে ।

বোকাখাতৰ এটা আজৱ চুইমিং পুল

এতিয়া প্ৰশ্ন হয় যি সময়ত ৰাজ্যত বিজেপি (BJP GOVERMNENT) শাসিত চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা হৈ আহিছে ৷ মুখ্যমন্ত্ৰীয়েও (CHEIF MINISTER) যি সকলে এনে অনৈতিক কাৰ্যত জৰিত তেওঁলোকক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবিলৈ সংশ্লিষ্ট বিভাগ সমূহক নিৰ্দেশ প্ৰদান কৰিছে ৷ ঠিক তেনে সময়তে মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীৰ গৃহসমষ্টিতে এনেধৰণৰ কাৰ্য সংঘটিত হোৱাত সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

সম্প্ৰতি অঞ্চলটোৰ স্থানীয় যুৱক সকলে এই জৰাজীৰ্ণ হৈ থকা সাতোঁৰ কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিবলৈ চৰকাৰ তথা ক্ৰীয়া বিভাগক আহ্বান জনাইছে ৷ যাতে স্থানীয় যুৱকে সকলে যাৰ সাঁতোৰ প্ৰতি আগ্ৰহ আছে তেওঁলোকে ইয়াত অনুশীলন কৰি আগবাঢ়ি যাব পাৰে ৷

লগতে পঢ়ক : বুকুত অজুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.