ETV Bharat / state

গোলাঘাটত ড্ৰাগছৰ অবাধ সৰবৰাহৰ আঁৰৰ মূল কাণ্ডাৰী গ্ৰেপ্তাৰ

author img

By

Published : Nov 14, 2019, 2:54 PM IST

ড্ৰাগছ বিৰোধী অভিযানত গোলাঘাট আৰক্ষীৰ বাবে এক উল্লেখযোগ্য সফলতা ৷ গোলাঘাটত ড্ৰাগছৰ বজাৰখনত ড্ৰাগছৰ যোগান ধৰি অহা এজনক ডিমাপুৰত গ্ৰেপ্তাৰ ৷

গোলাঘাটত ড্ৰাগছৰ অবাধ সৰবৰাহৰ আঁৰৰ মূল কাণ্ডাৰী গ্ৰেপ্তাৰ

গোলাঘাট,14 নৱেম্বৰঃ ড্ৰাগছ বিৰোধী অভিযানত গোলাঘাট আৰক্ষীয়ে এক উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । জিলাখনত ড্ৰাগছৰ অবাধ সৰবৰাহ তথা ব্যাপকভাৱে ড্ৰাগছ যোগান ধৰি অহা ৰাজেশ প্ৰসাদ যাদৱ নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গোলাঘাট আৰক্ষীয়ে কিছুদিন পূৰ্বে গোলাঘাট নগৰৰ পৰা ড্ৰাগছ আৰু ব্ৰাউন চুগাৰৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী । এই দুই ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তি আৰু লাভ কৰা তথ্যৰ ভিত্তিত গোলাঘাটত ড্ৰাগছৰ বজাৰ মেলি দিয়া মূল কাণ্ডাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । এক গোপন সূত্ৰৰ পমখেদি গোলাঘাট জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসহ 12 জনীয়া এটা অভিযানকাৰী দলে ডিমাপুৰৰ পুলিচ বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত ৰাজেশ প্ৰসাদ যাদৱক ৷

তথ্যনুসৰি, প্ৰথম অৱস্থাত ৰাজেশ প্ৰসাদ যাদৱে নিজেই গোলাঘাটলৈ আহি ড্ৰাগছ সৰবৰাহ কৰিছিল । পিছত একাংশ ব্যক্তি ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰাত ৰাজেশ যাদৱৰ পৰা গোলাঘাটৰ ড্ৰাগছৰ ব্যৱসায় পৰিচালনা কৰাৰ দায়িত্ব লৈছিল ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা কিছুসংখ্যক যুৱকে । এইদৰে ডিমাপুৰৰ পৰা ৰে'লযোগে গোলাঘাটৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তলৈ ড্ৰাগছৰ অবাধ সৰবৰাহ হৈ আহিছে ৷ ড্ৰাগছ ব্যৱসায়ৰ অন্যতম অভিযুক্ত ৰাজেশ যাদৱক গ্ৰেপ্তাৰ কৰাৰ পিছত গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ী আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ৷

আৰু পঢ়ক সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত সাংবাদিকৰ চাইকেল ৰেলী

Intro:Body:গোলাঘাট আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধী এক নতুন সফলতা। গোলাঘাটৰ ড্ৰাগছৰ ব্যৱসায়ৰ বজাৰ খনক ড্ৰাগছ যোগান ধৰি অহা এজনক গ্ৰেপ্তাৰ। ডিমাপুৰৰ পুলিচ বজাৰৰ পৰা গ্ৰেপ্তাৰ ৰাজেশ প্ৰসাদ যাদৱ নামৰ এজন ড্ৰাগছ ব্যৱসায়ী। গোলাঘাট আৰক্ষীয়ে গোলাঘাট নগৰৰ পৰা ড্ৰাগছ আৰু ব্ৰাউন চুগাৰৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল দুজন ড্ৰাগছ সৰবৰাহ কাৰী। এই দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা তথ্যৰ ভিত্তিত গোলাঘাটত ড্ৰাগছৰ বজাৰ মেলি দিয়া এজন মূল কাণ্ডাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰথম অৱস্থাত ৰাজেশ প্ৰসাদ যাদৱে নিজেই গোলাঘাটলৈ আহি ড্ৰাগছ সৰবৰাহ কৰিছিল। পিছত একাংশই ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰাত ৰাজেশ যাদৱৰ পৰা গোলাঘাটৰ ড্ৰাগছৰ ব্যৱসায় পৰিচালনা কৰাৰ দায়িত্ব লৈছিল ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা সকল। এইদৰে ডিমাপুৰৰ পৰা ৰেল যোগে ড্ৰাগছ সৰবৰাহ হৈ আহিছে গোলাঘাট লৈ। ড্ৰাগছ ব্যৱসায়ৰ অন্যতম অভিযুক্ত ৰাজেশ যাদৱক গ্ৰেপ্তাৰ কৰাৰ পিছত নাকি লাগিব নে গোলাঘাটৰ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়, নে এই ব্যৱসায়ত জড়িত আছে আৰু ড্ৰাগছ ব্যৱসায়ী।Conclusion:Byte 1: DSP, Golaghat
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.