ETV Bharat / state

Youtuber detained: জঘন্য ! শিশু অভিনেত্ৰীক ধৰ্ষণ কৰি প্ৰাণে মৰাৰ চেষ্টা ইউটিউবাৰৰ

author img

By

Published : Mar 2, 2023, 8:24 PM IST

কালিকা লাগিছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ মোস্তাফিজুৰ ৰহমানৰ ৷ একেদিনাই দুটাকৈ গোচৰত থানাই থানাই মোস্তাফিজুৰ ৷ শিশুক ব্যৱহাৰ কৰি পথৰ দাঁতিত বেপৰুৱাভাৱে আইন বিৰোধী ভিডিঅ’ বনোৱাৰ পিচতে এই শিশু অভিনেত্ৰীক ধৰ্ষণৰ চেষ্টাৰ লগতে প্ৰাণনাশৰ প্ৰচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মোস্তাফিজুৰৰ বিৰুদ্ধে (Youtuber Mostafizur Rahman detained ) ৷

Youtuber Mostafizur Rahman detained in Goalpara
শিশু অভিনেত্ৰীক ধৰ্ষণ কৰি প্ৰাণে মৰাৰ চেষ্টা ইউটিউবাৰৰ

গোৱালপাৰা, ২ মাৰ্চ: বিপদে লগ এৰা নাই অসমৰ জনপ্ৰিয় ইউটিউবাৰ মোস্তাফিজুৰ ৰহমানৰ ৷ ইউটিউবাৰ মোস্তাফিজুৰ ৰহমানক পুনৰ আটক গোৱালপাৰা আৰক্ষীৰ (Youtuber Mostafizur Rahman detained )। এইবাৰে মোস্তাফিজুৰৰ বিৰুদ্ধে শিশু অভিনেত্ৰীক ধৰ্ষণৰ চেষ্টাৰ লগতে প্ৰাণ নাশৰ প্ৰচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Attempt to rape child actress) ৷

বুধবাৰে ইউটিউবাৰ মোস্তাফিজুৰ ৰহমানক কালি যোগীঘোপা আৰক্ষীয়ে আটক কৰাৰ পিচত জামিন লাভ কৰাৰ লগে লগে এগৰাকী শিশু অভিনেত্ৰীক ধৰ্ষণৰ প্ৰচেষ্টা আৰু প্ৰাণ মৰা চেষ্টা চলোৱাৰ অভিযোগত ইউটিউবাৰগৰাকীক বৃহস্পতিবাৰে পুনৰ গোৱালপাৰা সদৰ আৰক্ষীয়ে আটক কৰিছে । যোগীঘোপাত ইউটিউব চেনেলৰ বাবে শিশুক ব্যৱহাৰ কৰি পথৰ দাঁতিত বেপৰুৱাভাৱে আইন বিৰোধী ভিডিঅ’ বনোৱাৰ সময়তে জিলা শিশু সুৰক্ষা বিষয়াই এখন এজাহাৰ দাখিল কৰিছিল ৷

ইয়াৰ পিচতে বৃহস্পতিবাৰে বিয়লি ইউটিউবাৰগৰাকীৰ চেনেলত পূৰ্বে অভিনয় কৰা এগৰাকী শিশু অভিনেত্ৰীক কেইবাবাৰো বলপূৰ্বকভাৱে ধৰ্ষণৰ প্ৰচেষ্টা চলোৱাৰ লগতে গাড়ীৰে খুন্দিয়াই প্ৰাণ লোৱাৰ প্ৰচেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে শিশুটিৰ অভিভাৱকে ৷ শিশুটিৰ অভিভাৱকে গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

যোগীঘোপা আৰক্ষী থানাৰ পৰা জামিন লাভ কৰাৰ লগে লগে এজাহাৰৰ ওপৰত ভিত্তি কৰি গোৱালপাৰা আৰক্ষীয়ে ইউটিউবাৰ মোস্তাফিজুৰ ৰহমানক থানাৰ পৰাই আটক কৰি গোৱালপাৰা সদৰ থানালৈ লৈ আহে ৷

ভুক্তভোগী শিশু অভিনেত্ৰীগৰাকীৰ খুৰায়েকে দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, ইউটিউবাৰ মোস্তাফিজুৰ ৰহমানৰ ভাইটি মিউজিক কোম্পানীৰ ইউটিউব চেনেলত দীৰ্ঘদিন ধৰি অভিনয় কৰি আছিল ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে ৷ কিশোৰীগৰাকীয়ে অভিনয় কৰি থকাৰ সময়ত দাবী ধমকি দি প্ৰায় এবছৰ কালত কেইবাবাৰো ধৰ্ষণৰ প্ৰচেষ্টা চলাইছিল মোস্তাফিজুৰে ৷ ইয়াৰোপৰি মোস্তাফিজুৰে কিশোৰীগৰাকীক সঘনাই অশ্লীল ইংগিত দি শৰীৰৰ গোপন অংগত স্পৰ্শ কৰি অতিষ্ঠ কৰি তুলিছিল ৷

মোস্তাফিজুৰৰ ভয়ত সেই সময়ত কিশোৰীগৰাকীয়ে গৰাকী মুখ খোলা নাছিল। কিন্তু লম্পট মুস্তাফিজুৰৰ যৌন অত্যাচাৰ সহ্য কৰিব নোৱাৰি বিগত বৰ্ষৰ ডিচেম্বৰ মাহত মোস্তাফিজুৰৰ চেনেল আৰু কোম্পানীত অভিনয় কৰিবলৈ এৰি দিয়ে কিশোৰীগৰাকীয়ে ৷ এই ঘটনা দেখি মোস্তাফিজুৰ খঙত টিঙিৰ তুলা হৈ কিশোৰীগৰাকী বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে দাবী ধমকি দি আহিছে মোস্তাফিজুৰে ৷

কেৱল ইয়াতেই ক্ষান্ত নাথাকি মোস্তাফিজুৰৰ লগত শাৰীৰিক সম্পৰ্ক আৰু কাম নকৰিলে গাড়ীৰে খুন্দিয়াই মাৰিব বুলিও ভাবুকি দিয়ে কিশোৰীগৰাকীক । ইয়াৰ পিচতে যোৱা ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬.৩০ মান বজাত কিশোৰীগৰাকীয়ে আত্মীয় এগৰাকীৰ মটৰ চাইকেলত ডেকধোৱাৰ পৰা নিজ ঘৰলৈ আহি থকা অৱস্থাত এইছ আৰ ২৬ টি ০০১৬ পঞ্জীয়ন নম্বৰৰ বিলাসী বাহন এখনেৰে খুন্দিয়াই আহত কৰে (Attempt to kill child actress)।

সম্প্ৰতি আহত কিশোৰীগৰাকী চিকিৎসাধীন হৈয়ে আছে। এই দুৰ্ঘটনাটোৰ পিচতে কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে । বৰ্তমান গোৱালপাৰা সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে মোস্তাফিজুৰক । জেৰাৰ অন্তত মোস্তাফিজুৰক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়া হৈছে ৷

লগতে পঢ়ক: Murder in Kakopothar: কাকপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; আটক 2 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.