ETV Bharat / state

TMC meeting in Goalpara: তৃণমূল কংগ্ৰেছে অসমত বিচাৰিব ৫খন আসন - তৃণমূল কংগ্ৰেছে অসমত বিচাৰিব ৫খন আসন

গোৱালপাৰাত অসম তৃণমূল কংগ্ৰেছৰ কৰ্মী সন্মিলন । অসমত কংগ্ৰেছৰ পিচতে অসম তৃণমূলৰ কংগ্ৰেছৰ স্থান । ২৪ৰ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে অসমত বিচাৰিব ৫খন আসন ।

Assam Trinamool Congress
অসম তৃণমূল কংগ্ৰেছ
author img

By

Published : Jul 30, 2023, 8:11 PM IST

অসম তৃণমূল কংগ্ৰেছ

গোৱালপাৰা, ৩০ জুলাই: গোৱালপাৰাত কৰ্মী সন্মিলনত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে অসমত কংগ্ৰেছৰ পিচতে অসম তৃণমূলৰ কংগ্ৰেছৰ স্থান । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি ধৰাশায়ী হ'ব বুলি তেওঁ মন্তব্য় কৰে ।

শনিবাৰে নটসূৰ্য ফণী শৰ্মা ভৱনত ৰিপুন বৰাৰ উপস্থিতিত ২৪ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী ৰণশিঙা বজালে অসম তৃণমূল কংগ্ৰেছে । গোৱালপাৰা জিলা তৃণমূল কংগ্ৰেছৰ সৌজন্যত আয়োজিত অসম তৃণমূল কংগ্ৰেছৰ কৰ্মী সন্মিলনত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ।

উল্লেখ যে তৃণমূল কংগ্ৰেছৰ কৰ্মী সন্মিলনত ৰিপুন বৰাই কয় যে দেশৰ বর্তমান পৰিস্থিতি আৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিত অসমৰ ৰাইজে অতিষ্ঠ হৈ পৰিছে । বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া অসমৰ ৰাইজে অসম তৃণমূল কংগ্ৰেছক আদৰি লৈছে । অসমত শক্তিশালী ৰাজনীতিৰ ভিতৰত কংগ্ৰেছৰ পিচতেই অসম তৃণমূল কংগ্ৰেছৰ স্থান বুলি ভাষণত উল্লেখ কৰে তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

আগন্তুক লোকসভা নিৰ্বাচনত এইবেলি দুটা ৰাজনৈতিক পাৰ্টী বিজেপি আৰু ইণ্ডিয়াৰ মাজত প্ৰতিদ্বন্দিতা হ'ব বুলি তেওঁ মন্তব্য় কৰে । তেওঁ কয় যে আগন্তুক নির্বাচনত বিজেপিৰ বিৰুদ্ধে একমাত্ৰ প্ৰাৰ্থী হৈ থিয় হ'ব, সেয়া হ'ল ইণ্ডিয়া । যোৱা ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০ শতাংশ ভোট লাভ কৰি চৰকাৰ গঠন কৰিছিল । আনহাতে, ৬০ শতাংশ ভোট বিজেপিয়ে লাভ কৰা নাছিল।

এই ৬০ শতাংশ ভোট বিৰোধীৰ ৰাজনৈতিক দলবোৰৰ মাজত ভাগ হোৱা বাবেই বিজেপিয়ে ৪০ শতাংশ ভোট পাই চৰকাৰ গঠন কৰিছিল । আগন্তুক ২৪ ৰ লোকসভা নিৰ্বাচিনত যিহেতু বিৰোধীৰ কোনো ভোট বিভাজন নহ'ব সেয়েহে সকলো ভোট একত্ৰিত হৈ ইণ্ডিয়াত পৰিব বুলি তেওঁ কয় ।

তেওঁ বদৰুদ্দিন আজমলক সমালোচনা কৰি কয় যে ইণ্ডিয়াত চামিল হোৱা ২৬ টাকৈ ৰাজনৈতিক দল হৈছে বিজেপি বিৰোধী দল । AIUDF দল যিহেতু বিজেপি বিৰোধী দল নহয়, বিজেপিৰ 'বি টিম' হৈ কাম কৰিছে সেই কাৰণেই দলটো ইণ্ডিয়াত চামিল কৰা হোৱা নাই ।

তেওঁ কয় যে, বদৰুদ্দিন আজমল ধুবুৰীত লোকসভাত কোনো শক্তিশালী প্ৰাৰ্থী নহয় । তেওঁ মুছলমানসকলৰ মাজত ধৰ্মীয় মেৰুকণ ৰাজনীতি কৰি আহিছে । মুছলমানসকলৰ ধৰ্মীয় আবেগ, মুছলমান সমাজক প্ৰতাৰণা কৰি ধুবৰীত ৰাজনীতি কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনত ধুবৰীত বদৰুদ্দিন আজমলক মুছলমান ৰাইজে বৰ্জন কৰিব বুলি তেওঁ কয় । আনহাতে ,আগন্তুক লোকসভা নিৰ্বাচনত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৫ খন আসন বিচাৰিব বুলিও উল্লেখ কৰে সভাপতি ৰিপুন বৰাই ।

লগতে পঢ়ক:Barpeta News: পখিলা খেদাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত সৰভোগৰ এটি দুৰ্ভগীয়া কিশোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.