গোৱালপাৰা, 10 অক্টোবৰ: বিজেপি চৰকাৰৰ ‘‘মোৰ মাটি মোৰ দেশ’’ শীৰ্ষক কাৰ্যসূচীৰ অধীনৰ 'অমৃত কলহ যাত্ৰা'ত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ ৰোষত পৰি নিলম্বিত হ'ল গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্ৰুজা বেগম আৰু মাটিয়া ব্লক কংগ্ৰেছ সভাপতি আইনুল হক চৌধুৰী । এ পি চি চিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশত (ৰেফ নং এপিচিচি/অৰ্ডাৰ/২০২৩/৮০৪) নিলম্বনৰ এক আদেশ পত্ৰযোগে দুয়োকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে ।
ইয়াৰ পিচতেই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আফৰুজা বেগমে ৷ আইন সকলোৰে বাবে সমান হ’ব লাগে বুলি উল্লেখ কৰি আফৰুজাই কয় যে অসম চৰকাৰৰ 'অমৃত কলহ যাত্ৰা'ত বহু কংগ্ৰেছী বিধায়কে অংশগ্ৰহণ কৰিছিল ৷ কিন্তু তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি কেৱল সাধাৰণ কংগ্ৰেছ কৰ্মীক নিলম্বন কৰাত এক প্ৰকাৰ ক্ষোভ উজাৰে নিলম্বিত কংগ্ৰেছ সভানেত্ৰী আফৰুজা বেগমে ।
নিলম্বনৰ আদেশ পত্ৰখনত স্বাক্ষৰ কৰে এ পি চি চিৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে । জিলা আৰু ব্লক পৰ্যায়ৰ দুগৰাকীকৈ সক্ৰিয় কংগ্ৰেছ কৰ্মীক নিলম্বিত কৰাৰ খবৰ বিয়পি পৰাৰ পিচতে গোৱালপাৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে । নিলম্বনৰ আদেশপত্ৰখনত উল্লেখ কৰা মতে, পূৱ গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলমৰ মন্তব্য সম্বলিত বাতৰি বৈদ্যুতিন মাধ্যমত প্ৰচাৰিত অনুসৰিয়েই মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হকে চৌধুৰী আৰু গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্ৰুজা বেগমে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা ৰাজনৈতিক অনুষ্ঠান 'অমৃত কলহ যাত্ৰা'ত অংশগ্ৰহণ কৰে । এই কাৰণতে এ পি চি চিয়ে দুয়োকে নিলম্বনৰ দৰে কঠোৰ সিদ্ধান্ত লৈছে ।
উল্লেখ্য যে নিলম্বিত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্ৰুজা বেগম ৪৯ নং বুদুচৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভানেত্ৰী । তেনেদৰে নিলম্বিত আইনুল হক চৌধুৰীও শ্ৰীসূৰ্যগিৰি গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভাপতি । এনে ক্ষেত্ৰত চৰকাৰী পৃষ্ঠপোষকতাত মোৰ মাটি মোৰ দেশ শীৰ্ষক কাৰ্যসূচীৰ 'অমৃত কলহ যাত্ৰা'ত ৰাইজৰ প্ৰতিনিধি হিচাপেহে চৰকাৰী কাৰ্যসূচীত স্থানীয় ৰাইজৰ সৈতে অংশ লোৱা বুলি উল্লেখ কৰে নিলম্বিত আফৰুজা বেগমে ।
লগতে পঢ়ক: Amrit Kalash controversy: কংগ্ৰেছত এইবাৰ হু ইজ ভূপেন বৰা বিতৰ্ক !