গোৱালপাৰা, 16 জুলাই : ৰাজ্যত বানপানীয়ে তাণ্ডৱ চলাই থকাৰ সময়তে বৃহস্পতিবাৰে গোৱালপাৰা জিলাত এক অঘটন সংঘটিত হয় ৷ জিলাখনৰ টিপলাইত বানপানীত উটি যায় এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ ৷
জানিব পৰা মতে,পথ অতিক্ৰম কৰিবলৈ লওঁতেই বানপানীৰ প্ৰবল সোতে উটুৱাই নিয়ে অপূৰ্ব দাস নামৰ ছাত্ৰ গৰাকীক । সম্প্ৰতি এছ ডি আৰ এফ বাহিনীয়ে অপূৰ্ব দাসৰ সন্ধানত পানীত অভিযান চলাই আছে যদিও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
জানিব পৰা মতে,টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা ভকতপাৰাৰ পবিত্ৰ দাসৰ পুত্ৰ অপূৰ্ব দাসে গড়কাপ্তানী পথ এটা অতিক্ৰম কৰিবলৈ লওতে পানীৰ প্ৰবল সোতে উটুৱাই নিয়ে ছাত্ৰ জনক ৷
উল্লেখ্য যে, ৰাজ্যত ক্ৰমে জটিল ৰূপ ধাৰণ কৰিছে বানপানীয়ে ৷ অসমৰ প্ৰায় 27 খন জিলাৰ কেইবা লক্ষাধিক জনতা বানপানীৰ কবলত পৰিছে ৷ বহুলোকে ঘৰ-মাটি এৰি ওখ মথাউৰিত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : ডবকাৰ কোৱাৰেন্টাইন চেণ্টাৰত অৰাজকতা