গোৱালপাৰা, 2 জুন : বুধবাৰে প্ৰতিবাদ মুখৰ হৈ পৰে গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদ(Protest at Goalpara Collage) ৷ মহাবিদ্যালয় অধ্যক্ষ সুভাষ বৰ্মনৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ প্ৰৱেশ দুৱাৰৰ সন্মুখত শিক্ষাৰ্থীসকলে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদী শিক্ষাৰ্থীৰ অভিযোগ, মহাবিদ্যালয় অধ্যক্ষ সুভাষ বৰ্মন লিপ্ত হৈছে দুৰ্নীতিত ৷
প্ৰতিবাদী শিক্ষাৰ্থীয়ে উল্লেখ কৰা অনুসৰি, বিগত দুই-তিনিদিন পূৰ্বে মহাবিদ্যালয়ৰ চৌহদত সুৰাপান কৰিছিল মহাবিদ্যালয়ৰে দুজন প্ৰবক্তাই (Student accused Lecturer of drinking inside Goalpara College campus) । প্ৰবক্তা দুগৰাকীয়ে সুৰাপান কৰা সম্পূৰ্ণ দৃশ্যাংশ মহাবিদ্যালয় গোটৰ ছাত্ৰ একতা সভাৰ সম্পাদক ছামিম আখতাৰে ৰেকৰ্ড কৰিছিল । তাৰ পাচত সমগ্ৰ ঘটনা মহাবিদ্যালয়ৰ অধ্যক্ষ সুভাষ বর্মনক অৱগত কৰিছিল ।
আনকি অধ্যক্ষগৰাকীয়েও প্ৰবক্তা দুগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস দিছিল সাধাৰণ সম্পাদকগৰাকীক ।
কিন্তু ঘটনাৰ দুদিন উকলি যোৱাৰ পাছত অধ্যক্ষগৰাকীয়ে সাধাৰণ সম্পাদক ছামিম আখতাৰক নিজৰ কোঠালৈ মাতি নিয়ে । তাৰ পাচতে সাধাৰণ সম্পাদক ছামিম আখতাৰক তিনি মাহৰ কাৰণে মহাবিদ্যালয়ৰ পৰা নিলম্বন কৰাৰ কথা অৱগত কৰে । কিন্তু কিহৰ ভিত্তিত সম্পাদকগৰাকীক নিলম্বন কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । এই অভিযোগ প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ ৷
লগতে পঢ়ক : পুৱাই মাজুলীত উপস্থিত SI জোনমণি ৰাভা
আনহাতে, প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ প্ৰশ্ন, মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ কৰ্মৰ বিৰোধীতাৰ বাবে কাল হ’ল নেকি সম্পাদকগৰাকীৰ ? আনকি বিভিন্ন সময়ত সম্পাদকগৰাকীয়ে বিভিন্ন সমস্যাৰ বিষয়ে অধ্যক্ষগৰাকী অৱগত কৰিলে বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰাৰ আন এক অভিযোগ উত্থাপিত কৰিছে সাধাৰণ সম্পাদকগৰাকীয়ে ৷
ইপিনে সম্পাদকগৰাকীৰ অভিযোগ পোনচাতে নস্যাৎ কৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে । অধ্যক্ষগৰাকীয়ে অভিযোগ কৰা অনুসৰি, সম্পাদকগৰাকীয়ে সুৰাপান কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছিল ৷ লগতে অধ্যক্ষগৰাকীৰ পৰা 50 হাজাৰ টকাৰো দাবী কৰিছিল ৷
উল্লেখ্য যে, অভিযোগ-প্ৰতি অভিযোগৰ বাবেই এতিয়া গোৱালপাৰা মহাবিদ্যালয় চৌহদত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ (Tense situation at Goalpara College) ৷ মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সুস্থ কৰি ৰখাৰ বাবেই মাত মতাৰ বাবে নিলম্বন হ’বলগীয়া হ’ল নেকি মহাবিদ্যালয় গোটৰ সম্পাদক ছামিম আখতাৰ ? এয়া বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন । অৱশ্যে তদন্তৰ আওতাত আনিলেহে ওলাই পৰিব কোন সঁচা, কোন মিছা ৷
লগতে পঢ়ক : ত্ৰিপুৰাত BJP সমৰ্থিত প্ৰাৰ্থীয়ে CPI(M)ৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ অভিযোগ