ETV Bharat / state

জলেশ্বৰত বানত ছিঙিল চিলাৰভিটা মথাউৰি - চিলাৰভিটা মথাউৰি

মথাউৰিটো ছিঙি যোৱাত জলেশ্বৰ সমষ্টিৰ শতাধিক গাঁৱত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু ৰাস্তা ঘাট, দলং উটি যোৱাৰ আশংকা কৰা হৈছে ।

Goalpara Flood
জলেশ্বৰত বানত ছিঙিল চিলাৰভিটা মথাউৰি
author img

By

Published : Jul 7, 2020, 1:33 PM IST

গোৱালপাৰা, 7 জুলাই : গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰ তথা জলেশ্বৰ সমষ্টিৰ লক্ষাধিক লোকলৈ নামি আহিল ভয়ংকৰ দুৰ্যোগ । লক্ষীপুৰ ৰাজহ চক্ৰৰ চিলাৰভিটাত মঙলবাৰে নদীৰ কোবাল সোঁতে ছিঙি নিয়ে মথাউৰি । ভগ্ন মথাউৰিৰ মাজেৰে বৰ্তমান বৈছে তীব্ৰ সোঁত । বানপানীৰ কোবাল সোঁতে উটুৱাই নিছে বহু লোকৰ ঘৰ-দুৱাৰৰ লগতে বিস্তীৰ্ণ অঞ্চলৰ খেতি-বাতি । গৃহহীন হৈছে শ শ পৰিয়াল । জলমগ্ন হৈছে ন ন অঞ্চল । বানৰ তাণ্ডৱত নিজৰ ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত লোকে । আন একাংশই মথাউৰি অথবা অস্থায়ী শিৱিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ।

জলেশ্বৰত বানত ছিঙিল চিলাৰভিটা মথাউৰি

জলেশ্বৰৰ বিধায়ক চাহাব উদ্দিন আহমেদৰ চৰম ব্যৰ্থতা আৰু জল-সম্পদ বিভাগৰ অকৰ্মণ্যতাৰ ফলত নিশ্চিহ্ন হয় চিলাৰভিটাৰ মথাউৰি । মথাউৰিটো ছিঙি যোৱাত জলেশ্বৰ সমষ্টিৰ শতাধিক গাঁৱত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু ৰাস্তা ঘাট, দলং উটি যোৱাৰ আশংকা কৰা হৈছে । আনফালে কেৱল হাই এলাৰ্ট জাৰি কৰিয়েই দায়িত্ব সামৰিছে প্ৰশাসনে । নাই কোনো উদ্ধাৰ অভিযান, নাই কোনো আশ্ৰয় শিবিৰ । উল্লেখযোগ্য যে, নিৰ্বাচনৰ সময়ত বান গৰাখহনীয়াক নিৰ্বাচনী ইছু হিচাপে লৈ ক্ষমতাৰ গাদী দখল কৰি জলেশ্বৰ সমষ্টিবাসীলৈ পিঠি দিয়া সাংসদ মৌলানা বদৰুদ্দিন আজমলৰো বৰ্তমান নাই খবৰ । জলেশ্বৰ সমষ্টিবাসীৰ এই দুৰ্যোগৰ সময়ত স্থানীয় সাংসদ গৰাকীক কাষত নাপাই সমষ্টিবাসীৰ মাজত সৃষ্টি হৈছে ক্ষোভৰ ৷

Goalpara Flood
জলেশ্বৰত বানত ছিঙিল চিলাৰভিটা মথাউৰি

লগতে পঢ়ক : ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সেউজীকৰণ প্ৰকল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.