ETV Bharat / state

কইনা নিবলৈ আহি পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু

গোৱালপাৰা জিলাৰ ৰংজুলিত শোকাবহ পথ দুৰ্ঘটনা ৷ কইনা আনিবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে এগৰাকী মহিলাই ৷ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত মহিলা গৰাকীৰ মৃত্যু ৷

road accident claimed life of one woman at rangjuli in goalpara
কইনা নিবলৈ আহি পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু
author img

By

Published : Feb 22, 2021, 4:16 PM IST

গোৱালপাৰা, 22 ফেব্ৰুৱাৰী: কইনা আনিবলৈ গৈ এক শোকাবহ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে এগৰাকী 56 বৰ্ষীয় মহিলাই ৷ গোৱালপাৰা জিলাৰ ৰংজুলিত এই শোকাবহ ঘটনাটো সংঘটিত হৈছে ৷ দেওবাৰে নিশা ৰংজুলিত সংঘটিত পথ দুৰ্ঘটনাটোত পূৰ্ণিমা ডেকা নামৰ মহিলা গৰাকীয়ে দুৰ্ভাগ্যজনক মৃত্যুক আঁকোৱালি লয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি বাক্সা জিলাৰ গোৰেশ্বৰৰ পৰা কইনা নিয়াৰ উদ্দেশ্যে ৰংজুলিলৈ বিবাহযাত্ৰীৰ সৈতে আহিছিল মহিলা গৰাকী ৷ ৰংজুলিলৈ আহি থকাৰ পথতে প্ৰস্ৰাৱ কৰাৰ উদ্দেশ্যে মহিলগৰাকীয়ে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়তে এখন তীব্ৰবেগী এম্বুলেঞ্চ (স্কৰপিঅ') ৰ খুন্দাত মহিলাগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি ল'ব লগীয়া হয় ৷

গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যওৱা হয় যদিও চিকিৎসালয়লৈ নি থকাৰ পথতে মৃত্যু ঘটে ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনে ইতিমধ্যে দুধনৈ থানাত আত্মসমৰ্পন কৰিছে ৷ ৰংজুলি আৰক্ষীয়ে নিহত মহিলা গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বৈঠালাংছ’ত বন্ধুক বচাবলৈ গৈ নৈত সন্ধানহীন দুই ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.