ETV Bharat / state

এআইইউডিএফ-ৰ টিকট বঞ্চিত প্ৰাৰ্থীৰ আত্মজাহৰ ভাবুকি

author img

By

Published : Mar 17, 2021, 5:40 PM IST

জলেশ্বৰ সমষ্টিত ৰফিকুল ইছলামক টিকট দিয়াৰ পিছতো প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে বদৰুদ্দিন আজমলে । যিকোনো মুহুৰ্তত অঘটন ঘটোৱাৰ ভাবুকি টিকট বঞ্চিত প্ৰাৰ্থীগৰাকীৰ ৷

এআইইউডিএফ-ৰ টিকট বঞ্চিত প্ৰাৰ্থীৰ আত্মজাহৰ ভাবুকি
rafiqul-islam-ticket-deprived-of-aiudf-threatened-with-suicide

গোৱালপাৰা,17 মাৰ্চঃ এগৰাকী এআইইউডিএফ সদস্যৰ সংবাদমেলযোগে ক্ষোভ প্ৰকাশ ৷ পাই হেৰুওৱাৰ বেদনা কি সেয়া তেওঁতকৈ কোনেও বুজিব নোৱাৰে ৷ জলেশ্বৰ সমষ্টিত ৰফিকুল ইছলামক টিকট দিছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলে ৷ মনোনয়ন দাখিলৰ সকলো যো-জা চলাইছিল ৰফিকুলে ৷ কিন্তু হঠাৎ সকলো সলনি হৈ গ’ল ৷ টিকট দিয়াৰ পিছতো প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে বদৰুদ্দিন আজমলে । এই ঘটনাত মৰ্মাহত হৈছে ৰফিকুল ইছলাম ৷

সংবাদমেলযোগে প্ৰাৰ্থীগৰাকীয়ে ভাবুকি দিছে আত্মহত্যাৰ ৷ তাৰ বাবে সম্পূৰ্ণ জগৰীয়া হ’ব মৌলানা বদৰুদ্দিন আজমল । "আজমল হত্যাকাৰী, মোক ৰাজনৈতিকভাৱে হত্যা কৰিলে বদৰুদ্দিন আজমলে । আজমল প্ৰতাৰক মোৰ লগত চৰম প্ৰতাৰণা কৰিলে । এআইইউডিএফ বেচা-কিনাৰ দল । এই দলত কোনো মানৱতাৰ মূল্য নাই" বুলি বিস্ফোৰক অভিযোগ কৰিছে টিকট বঞ্চিত প্ৰাৰ্থী ৰফিকুলে ৷

এআইইউডিএফ-ৰ টিকট বঞ্চিত প্ৰাৰ্থীৰ আত্মজাহৰ ভাবুকি

উল্লেখ্য যে, যোৱা ৭ মাৰ্চত ৰফিকুল ইছলামক জলেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে টিকট প্ৰদান কৰিছিল মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলে । কিন্তু নীতি-আদৰ্শ সকলো জলাঞ্জলি দি দলে প্ৰাৰ্থীগৰাকীৰ টিকট কৰ্তন কৰি পুনৰ টিকট প্ৰদান কৰে ডাঃ ৰেজা এম এ আমিনক । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতো অনুৰূপ ঘটনা সংঘটিত কৰিছিল দলটোৱে । ২০১৬ চনত অভিযন্তা আব্দুৰ ৰেজ্জাক মোল্যাক দলীয় টিকট প্ৰদান কৰাৰ পিছত আজমলৰ হস্তক্ষেপত টিকট কাঢ়ি নিয়া হৈছিল ৷ যাৰ বাবে সমষ্টিটোত দলটোৰ জয়ী হোৱাৰ আশা তেনেই ক্ষীণ হৈ পৰিছে ৷

লগতে পঢ়কঃ মাহমৰাত কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.