ETV Bharat / state

Protest in Goalpara : গোৱালপাৰাত শিক্ষা স্বেচ্ছাসেৱক-সেৱিকা সন্থাৰ অৱস্থান ধৰ্মঘট - সম কামৰ সমমর্যদা প্ৰদান

আকৌ প্ৰতিবাদ ৷ এইবাৰ গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয় চৌহদত জিলা শিক্ষা স্বেচ্ছাসেৱক-সেৱিকা সন্থাই ৰূপায়ণ কৰিছে এই ধৰ্মঘট কাৰ্যসূচী । প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে চাৰি দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

Protest in front of Goalpara Commissioner Office
আকৌ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 6:17 PM IST

আকৌ প্ৰতিবাদ

গোৱালপাৰা, ৩০ অক্টোবৰ : সোমবাৰে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয় চৌহদত গোৱালপাৰা জিলা শিক্ষা স্বেচ্ছাসেৱক-সেৱিকা সন্থাই চাৰি দফীয়া দাবীৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । শিক্ষা স্বেচ্ছাসেৱক-সেৱিকা সংস্থাৰ দুই শতাধিক কৰ্মীয়ে আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিবই লাগিব, মাননি নহয় মজুৰি দিয়ক, মাননীৰ পৰিৱৰ্তে দৰমহা প্ৰদান কৰা, বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়ন কৰা, ৬০ বছৰ বয়সলৈকে কৰ্ম সংস্থাপন নিশ্চত কৰা আদি শ্ল’গানেৰে জিলা আয়ুক্ত কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ।

উল্লেখ্য যে, গোৱালপাৰা জিলা শিক্ষা স্বেচ্ছাসেৱক-সেৱিকা সন্থাৰ জিলা সভাপতি আব্দুল কাদেৰ কয় যে, প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ উদ্দেশ্য শিশুৰ শিক্ষাৰ অধিকাৰ আইন ২০০৯ (RTE) ৰ যোগেদি সমগ্ৰ দেশত ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভ কৰাৰ অধিকাৰ সুনিশ্চিত কৰা হৈছে । সেয়েহে অসম চৰকাৰে যোৱা ২০০৫ চনত (DPEP) ৰ অধীনত জ্যোতি কেন্দ্ৰ আৰু ২০০৮/০৯ চনৰ পৰাই আৱাসিক (RSTC) আৰু অনাআবাসিক (NRSTC) কেন্দ্ৰসমূহ মুকলি কৰা হৈছে ৷

Protest in Goalpara
অৱস্থান ধৰ্মঘট

সেই কেন্দ্ৰসমূহত সম্পূর্ণ চৰকাৰী নীতি নিয়মৰ মাধ্যমেৰে শিক্ষা কর্মী হিচাপে নিযুক্ত লাভ কৰিছিল । নিযুক্তিৰ সমযত স্বেচ্ছাসেৱক-সেৱিকা সন্থাৰ মাননি আছিল মাত্ৰ ১০০০ আৰু ১৫০০ টকা । পৰৱৰ্তী সময়ত মাননি বৃদ্ধি হৈ ৬৫০০ আৰু ৭০০০ টকা হৈছে । বর্তমান সময়ত সমগ্ৰ ৰাজ্যতে অত্যাধিক সামগ্ৰীৰ বজাৰ মূল্য বৃদ্ধিত আমি জুৰুলা হৈ পৰিছে । পৰিয়াল পোহপাল দিয়াটো অসম্ভৱ হৈ পৰিছে । সেয়েহে চৰকাৰী শিক্ষক কৰ্মচাৰীৰ দৰে সম কামৰ সমমর্যদা প্ৰদানৰ বাবে আজি চাৰিদফীয়া দাবীৰে জিলা আয়ুক্ত কাৰ্যালয় চৌহদত প্ৰাপ্যৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

দাবীসমূহ ক্ৰমে, ৬০ বছৰ বয়সলৈকে কর্ম সংস্থাপন নিশ্চিত কৰা, মাননীৰ পৰিৱৰ্তে দৰমহা প্ৰদান কৰা, অৱসৰৰ পিচত এককালীন সাহার্য প্ৰদান কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমল আৰু বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়ন কৰা এই চাৰি দফীয়া দাবীৰে গোৱালপাৰা জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Emergency alerts : হঠাৎ সকলোৰে ম’বাইলত বাজি উঠিল জৰুৰীকালীন সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.