ETV Bharat / state

মৃত্যু তিথিত ৰাজ্যজুৰি সোঁৱৰণ হস্তীৰ কন্যাক - Gouripur cultural center

শুকুৰবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ 17 সংখ্যক মৃত্যু দিৱস ৷ গৌৰীপুৰ, চাপৰৰ লগতে চানমাৰিতো শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় হস্তীৰ কন্যাৰূপে খ্যাত শিল্পীগৰাকীক ৷

Pratima Pandey 17th death anniversary
60 খনকৈ দোতাৰা বজাই শ্ৰদ্ধাঞ্জলি হস্তীৰ কন্যাক
author img

By

Published : Dec 27, 2019, 8:56 PM IST

নিউজ ডেক্স, 27 ডিচেম্বৰঃ শুকুৰবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ 17 সংখ্যক মৃত্যু দিৱস ৷ ৰাজ্যৰ ভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে সোঁৱৰণ কৰা হ'ল হস্তীৰ কন্যা হিচাপে পৰিচিত প্ৰতিমা পাণ্ডে বৰুৱাক ৷ শিল্পীগৰাকীৰ জন্মস্থান গৌৰীপুৰতো অভিনৱ কাৰ্যসূচীৰে 60 খন কৈ দোতাৰা বজাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় শিল্পীগৰাকীক ৷ গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুস্থিত উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে কণ-কণ শিশুৰ লগতে 60 গৰাকীকৈ জেষ্ঠ দোতোৰা শিল্পীয়ে ৷

হস্তীৰ কন্যাক শ্ৰদ্ধাঞ্জলি

সমান্তৰালকৈ ধুবুৰী জিলাৰ চাপৰতো শিল্পীগৰাকীক স্মৰণ কৰে গুণমুগ্ধই ৷ চম্পাৱতী প্ৰডাকচনৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত প্ৰতিমা পাণ্ডে বৰুৱাৰ আৱক্ষ মূৰ্তিত পুষ্পমাল্য অৰ্পন কৰে ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকৰ লগতে বিভিন্ন সংগঠনৰ সদস্য আৰু অঞ্চলটোৰ ৰাইজে ৷

আনহাতে, আছুৰ উদ্যোগত চানমাৰিস্থিত প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰা হয় ৷ উল্লেখ্য যে, অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবেই এই বৰ্ষত আছুৱে প্ৰদান নকৰে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ৷ এই অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথকে প্ৰমুখ্য কৰি বহু লোক ৷

লগতে পঢ়ক- ছত্তিশগড়ত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ

Intro:গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ ১৭ সংখ্যক মৃত্যুতিথিত গোৱালপৰীয়া লোকবাদ্যৰে বিশ্ব অভিলেখ গঢ়াৰ সংকল্প গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰৰ। মৃত্যুতিথিত আজি ব্যতিক্ৰমী ভাবে শ্ৰদ্ধাঞ্জলি।

Body:আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৭ সংখ্যক মৃত্যুতিথি। প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যূতিথিত অসম সাংস্কৃতিক সঞ্চালকৰ গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰত এক ব্যতিক্ৰমী কাৰ্য্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আজি একেলগে ষাঠিখনকৈ লোকবাদ্য (দতৰা) বজাই এক অভিলেখ সৃষ্টিৰ দিশে আগবাঢ়িল গৌৰীপুৰ। ধুবুৰী জিলাৰ গৌৰীপুৰ বুলিলেই বিশ্ববাসীয়ে জানে এয়া প্ৰয়াত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মভূমি। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মভূমিত অৱস্থিত গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত যোৱা ছেপ্টেম্বৰ মাহৰ পৰাই গোৱালপৰীয়া লোকবাদ্য নির্মাণ আৰু বজোৱাৰ প্ৰশিক্ষণ চলিছিল। লক্ষ্য স্থিৰ কৰা হৈছিল বিশ্ব ৰেকৰ্ড গঢ়াৰ। এনে সময়তে আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুতিথিত কণ কণ শিশু শিল্পীৰ পৰা আৰম্ভ কৰি সকলো শিল্পীয়ে হাতে হাতে দতৰা লৈ ষাঠি খনকৈ দতৰা একেলগে বজাই গোৱালপৰীয়া গীত পৰিৱেশন কৰি ব্যতিক্ৰমী ভাবে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ইয়াৰ শিল্পী সকলে। আনহাতে ২০২০ চনৰ আগষ্ট মাহৰ ভিতৰত এহেজাৰ খন এইদৰে গোৱালপৰীয়া লোকবাদ্য একেলগে বজাই বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য স্থিৰ কৰাৰ লগতে গৌৰীপুৰক গোৱালপৰীয়া লোকবাদ্যৰে হাপ হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি উল্লেখ কৰে গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া জিতেন দাসে।

Byte:- জিতেন দাস, সাংস্কৃতিক বিষয়া, গৌৰীপুৰ।

ইপিনে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ এসময়ৰ সহযোগী লোকবাদ্য শিল্পী অক্ষয় ৰায়ে আজি ১৭ সংখ্যক মৃত্যুতিথিত প্ৰতিমা বৰুৱা পাণ্ডেলৈ বৰকৈ মনত পৰিছে বুলি উল্লেখ কৰে।

Byte:- অক্ষয় ৰায়, সহযোগী শিল্পী।

Conclusion:উল্লেখযোগ্য যে, গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰৰ এই সপোন বাস্তৱ ৰূপলৈ ৰূপান্তৰ হলে সমগ্ৰ বিশ্বৰ বুকুত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি আৰু সৃষ্টিৰাজী আজীৱন জিলিকি থকাটো নিশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.