গোৱালপাৰা, 9 আগষ্ট : দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা চৰকাৰৰ দিনতে পোহৰলৈ আহিছে দুৰ্নীতিৰ নানান তথ্য ৷ কেতিয়াবা যদি ইন্দিৰা আৱাস যোজনাৰ নামত দুৰ্নীতি, কেতিয়াবা আকৌ জলসিঞ্চন আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি কেতিয়াবা আকৌ পথ নিৰ্মাণত দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ বিভিন্ন তথ্য পোহৰলৈ আহিছে ৷
অভিযোগ অনুসৰি, এইবাৰ দুৰ্নীতি সংঘটিত হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাকুটি গাঁও পঞ্চায়তত ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত এটা কালভাৰ্ট নিৰ্মাণৰ কামৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ৷ অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা অনুসৰি, জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাকুটি গাঁও পঞ্চায়তত ২০১৯-২০২০ বৰ্ষতে কালভাৰ্ট নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে, বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল কালভাৰ্ট নিৰ্মাণৰ কাম ৷
যাৰ ফলত সেই নিৰ্দিষ্ট পথটোৰে যাতায়াত কৰাত বহু সমস্যাৰ সন্মুখীন হ’বলগাত পৰিছে অঞ্চলটোৰ ৰাইজ ৷ ২০১৯-২০২০ বৰ্ষতে আৰম্ভ কৰা কালভাৰ্টৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ অঞ্চলবাসীৰ অভিযোগ, এই দুৰ্নীতিত ওতপ্ৰোতঃভাৱে জড়িত হৈ আছে পঞ্চায়তখনৰ সচিব আৰু সভাপতি । পথটো সঠিক ৰূপত নিৰ্মাণ কৰাৰ সন্দৰ্ভত পঞ্চায়তখনৰ সচিব জয়নাল আবদিন আৰু সভাপতি মিয়াৰচান আলীক বহুবাৰ ৰাইজে অনুৰোধ কৰিছিল ৷
লগতে পঢ়ক: বিদ্যালয়ৰ বেৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
কিন্তু ৰাইজৰ কথা গুৰুত্ব নিদিলে পঞ্চায়তখনৰ সচিব আৰু সভাপতিগৰাকীয়ে ৷ আনকি এই বিষয়ে জামাদাৰহাটৰ খণ্ড উন্নয়ন বিষয়াকো অৱগত কৰা হৈছিল ৷ কিন্তু গাঁৱবাসীয়ে খণ্ড উন্নয়ন বিষয়াৰ ফালৰ পৰাও নাপালে কোনো সদুত্তৰ ৷ যাৰ ফলত বিপাঙত পৰিছে এতিয়া অঞ্চলবাসী ৷ জামাদাৰহাট উন্নয়ন খণ্ডৰ চিৰাকুটি গাঁও পঞ্চায়তৰ কাশিয়াৰটাৰিৰ পৰা চিৰাকুটিৰ ছাকেন আলীৰ ঘৰলৈ যোৱা পথটোৰ মাজত হ’বলগীয়া বক্স কালভাৰ্ট নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে অতি নিম্নমানৰ সামগ্ৰী ৷ স্থানীয় ৰাইজৰ অভিযোগ আৱণ্টিত ধন ব্যয় হোৱা নাই কালভাৰ্ট নিৰ্মাণত ৷ সেয়ে শীঘ্ৰে এই বিষয়ত জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: পশ্চিম গোৱালপাৰাত অংগনবাদী কেন্দ্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ