ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সভাত পুনৰ ক'লা পতাকাৰ আতংক - goalpara

জনসাধাৰণক ক'লা ৰুমাল লৈ সভাত প্ৰৱেশত বাধা নিৰাপত্তাবাহিনীৰ৷

মুখ্যমন্ত্ৰীৰ সভাত পুনৰ ক'লা পতাকাৰ আতংক
author img

By

Published : Apr 14, 2019, 9:21 PM IST

Updated : Apr 14, 2019, 10:12 PM IST

ওদালগুৰি, 14 এপ্ৰিল : নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ সময়ত হোৱা ক'লা পতাকাৰ প্ৰদৰ্শন পুনৰ উভতি আহিছে নিৰ্বাচনী প্ৰচাৰৰ সময়তো ৷ কেবৰ প্ৰতিবাদৰ সময়ত ক'লা পতাকাই খেদি ফুৰিছিল বিজেপি দলৰ নেতা পালিনেতাক। আনকি ক'লা পতাকাৰ পৰা বাচি যোৱা নাছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ৷

মুখ্যমন্ত্ৰীৰ সভাত পুনৰ ক'লা পতাকাৰ আতংক

কেব সংসদত উত্থাপন নোহোৱাৰ পৰিপেক্ষিতত বন্ধ হৈছিল ক'লা পতাকাৰ প্ৰদৰ্শন ৷ কিন্তু এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত পুনৰ ক'লা পতাকাৰ আতংক দেখা গ'ল ওদালগুৰিত। দেওবাৰে ওদালগুৰিত মুখ্যমন্ত্ৰীৰ এক প্ৰচাৰসভাত জনসাধাৰণক নিৰাপত্তাবাহিনীয়ে ক'লা ৰুমাল লৈ সভাত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে ৷ ওদালগুৰি জিলাৰ অন্তৰ্গত পানেৰী বিধান সভা সমষ্টিত মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ সভাত ক'লা ৰুমাল নিবলৈ জনসাধাৰণক নিৰাপত্তা বাহিনীয়ে বাধা প্ৰদান কৰা কাৰ্যই বৰ্তমানে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যতে ৷

এই জনসভাতেই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু কংগ্ৰেছৰ অৱহেলা, অপশাসন, দুৰ্নীতি আদিৰ বাবে বৰ্তমান অসমখন পিছ পৰি থকা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

 মুখ্যমন্ত্ৰীৰ সভাত পুনৰ কলা পতাকাৰ আতংক

ৰাজ্যত পুনৰ কলা পতাকাৰ আতংক। নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ সময়ত কলা পতাকাই খেদি ফুৰিছিল বিজেপি দলৰ নেতা পালিনেতাক। আনকি কলা পতাকাৰ পৰা বাচি যোৱা নাছিল দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰে মোদীও। পিছত আইনখন ৰাজ্যসভাত উত্থাপন নোহোৱাত বন্ধ হৈ পৰিছিল কলা পতাকা প্ৰদৰ্শন। কিন্তু এইবাৰ পুনৰ কলা পতাকাৰ আতংক দেখা গল ওদালগুৰিত। আজি ওদালগুৰিৰ  পানেৰী চাহ বাগিছাত নিৰ্বাচনী সভা চলাবলৈ আহিছিল মুখ্যমন্ত্ৰী সোণোৱাল। কিন্তু সভাত যোৱা লোকৰ কলা ৰোমাল  গেটতে ৰাখি থোৱা দেখা গল আৰক্ষীক। এতিয়া দীৰ্ঘ দিনৰ পিছত পুনৰ আৰম্ভ হোৱা কলা পতাকাৰ আতংকই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে  ৰাইজৰ মাজত।
 উল্লেখ যে ওদালগুৰি জিলাৰ অন্তৰ্গত পানেৰী বিধান সভা সমষ্টিত মঙলদৈ লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মিত্ৰ দল বিপিএফৰ উদ্যোগত পানেৰী চাহ বাগিছাৰ অনুষ্ঠিত এই বিশাল সভাত মুখ্যমন্ত্ৰী জনে কংগ্ৰেছ দলক ক্ষোৰধাৰ সমালোচনা কৰি কয় যে স্বাধীনতাৰ আগত অসম ভাৰত বৰ্ষৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য আছিল অসম। কিন্তু কংগ্ৰেছৰ অবহেলা, অপ শাসন, দুৰ্নীতি আদিৰ বাবে বৰ্তমান অসমখন পিছ পৰি থাকিব লগা হল। অসমৰ উন্নয়নৰ বাবে মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগে বুলিও কয় মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ দিনতে বাগিছা সমূহৰ উন্নয়ন হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। আনহাতে  আজিৰ মুখ্যমন্ত্ৰীৰ সভাত দেখা গল আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগক। বিজেপিয়ে আদিবাসী সকলক জনজাতিকৰণৰ ক্ষেত্ৰত ৫০ শতাংশ কাম কৰা বুলি দাবী কৰি  জনজাতিকৰণৰ 
স্বাৰ্থত বিজেপি দলক আদিবাসী ছাত্ৰ সন্থাই মুকলি সমৰ্থন দিয়ে বিজেপিক। আজিৰ এই সভাত মঙলদৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া, মন্ত্ৰী ৰিহণ দৈমাৰী, পানেৰীৰ বিধায়িকা কমলী বসুমতাৰী, বিজেপি নেতা মনোজ বৰুৱাৰ লগতে বহু কেইজন বিপিএফ আৰু বিজেপি নেতাই অংশগ্ৰহণ কৰে

BYTE - CM

Last Updated : Apr 14, 2019, 10:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.