ETV Bharat / state

Model Anganwadi Centre: জলেশ্বৰৰ ফুলগাছাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি - Phulgasa Irrigationpara Anganwadi Centre

গোৱালপাৰা জিলাৰ ফুলগাছা ইৰিগেছনপাৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি । উল্লেখ্য় যে. ৰাজ্যত সমাজ কল্যাণ বিভাগে এহেজাৰটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ (Anganwadi Centre allotment by govt) মুকলি কৰিবলৈ আৰম্ভ কৰিছে ।

Anganwadi Centre allotment by govt
ফুলগাছা ইৰিগেছনপাৰা অংগনৱাড়ী কেন্দ্ৰ
author img

By

Published : Jan 9, 2023, 7:19 PM IST

ফুলগাছা ইৰিগেছনপাৰা অংগনৱাড়ী কেন্দ্ৰ

গোৱালপাৰা, ৯ জানুৱাৰী: গোৱালপাৰা জিলাৰ জলেশ্বৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ফুলগাছাত প্ৰথমবাৰ বাবে মুকলি হ'ল এটি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ (Model Anganwadi Centre Inaugurated in Jaleswar)। এই অংগনৱাড়ী কেন্দ্ৰটো উদ্বোধন কৰে বিধায়ক আফটাব উদ্দিন মোল্লাই । তেওঁ কেন্দ্ৰটো উদ্বোধন কৰি কয় যে, পূৰ্বৰ জৰাজীৰ্ণ গৃহৰ পৰিৱৰ্তে এতিয়াৰে পৰা অত্যাধুনিক ৰূপত দেখিবলৈ পোৱা যাব অংগনৱাড়ী কেন্দ্ৰসমূহ ।সমগ্ৰ ৰাজ্য়তেই চৰকাৰে এনেধৰণৰ কাম আৰম্ভ কৰিছে । জলেশ্বৰত এনে দুটা অংগনৱাড়ী কেন্দ্ৰ চৰকাৰে আৱন্টন দিয়া বুলি বিধায়ক আফটাব উদ্দীন মোল্লাই কয় (MLA Aftab Uddin Mollah)।

এই অঞ্চলটোত প্ৰথমবাৰ বাবে অত্যাধুনিক ৰূপত দেখিবলৈ পোৱা গৈছে ফুলগাছা ইৰিগেছনপাৰা অংগনৱাড়ী কেন্দ্ৰটো (Phulgasa Irrigationpara Anganwadi Centre) । ২৫ লাখ টকা ব্যায়েৰে নিৰ্মাণ হোৱা ফুলগাছা আদৰ্শ অংগনৱাদী কেন্দ্ৰটোৰ নতুন ভৱনটো শুভ উদ্বোধন কৰে গোৱালপাৰা জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰী আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লাই (DC of Goalpara)। উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে কয় যে, শিশুসকলে যাতে জীৱনৰ আৰম্ভণিৰ সময়ছোৱা সুন্দৰ উপযুক্ত পৰিৱেসত কটাব পাৰে তাৰ বাবেই এনে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হৈছে ।

উল্লেখ্য় যে, এই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোত কণ কণ শিশুসকলৰ বাবে সুন্দৰ পৰিৱেশ খেল-ধেমালিৰ সুবিধাৰ উপৰি পঢ়া শুনাৰ বাবে আছে আহল-বহল ঠাই । শিশুৰ বিকাশ আৰু প্ৰাথমিক শিক্ষাৰ বাবে বেৰত অংকন কৰা হৈছে ভিন্ন ধৰণৰ ছবি আৰু আখৰ । উক্ত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্ভোধনী অনুষ্ঠানত জিলা উপায়ুক্তৰ লগতে জলেশ্বৰৰ খণ্ড উন্নয়ন বিষয়া আব্দুল জলিল, জলেশ্বৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া বলেন বৰ্মন আদি উপস্থিত থাকে ।

যোৱা নৱেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যত সমাজ কল্যাণ বিভাগে এহেজাৰটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ (Anganwadi Centre allotment by govt) মুকলি কৰিবলৈ আৰম্ভ কৰিছে । এই অনুসৰি শিৱসাগৰ জিলাত সৰ্বমুঠ ২৬ টা কেন্দ্ৰৰ আৱন্টন দিয়া হৈছে । জিলাখনৰ মাহমৰা সমষ্টিত ১১ টা, সোনাৰি সমষ্টিত ১১ টা, আমগুৰি সমষ্টিত ১১ টা, থাওৰা সমষ্টিত ১১ টা কেন্দ্ৰ আৱন্টন দিয়া হৈছে । একেদৰে দলগাঁও সমষ্টিত দুটা কেন্দ্ৰ ,ছিপাঝাৰ সমষ্টিত আৱন্টন দিয়া হৈছে ১১ টা কেন্দ্ৰ । কলাইগাঁৱত আৱন্টন দিয়া হৈছে মুঠ দুটা কেন্দ্ৰ । ৰাজ্য়ৰ আন জিলাতো এনে কেন্দ্ৰ মুকলি কৰা হৈছে ।

লগতে পঢ়ক:Protest against constituency delimitation: সমষ্টি বিলুপ্তকৰণৰ প্ৰতিবাদ জনায় ৰাজপথত বহিল সমষ্টিবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.