গোৱালপাৰা, 3 ফেব্ৰুৱাৰীঃ গোৱালপাৰা বলদমাৰী চৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা । এই প্ৰচেষ্টাৰ লক্ষ্য হিচাপে সোমবাৰে পাৰকুপাইন আঁচনিৰ শুভ উদ্বোধন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । বিধায়ক পুঁজিৰ 10 কোটি টকাৰে গোৱালপাৰা পূৱবিধান সভা সমষ্টিৰ অন্তৰ্গত বলদমাৰী চৰত এই আঁচনি উদ্বোধন কৰি মন্ত্ৰী মহন্তই পৰ্যবেক্ষণ কৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ।
জিলাখনৰ গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰাছিদ আলম আৰু জলেশ্বৰ বিধান সভা সমষ্টিৰ বিধায়ক সাহাবুদ্দিন আহমেদে দুয়োটা সমষ্টিৰ ৰাইজক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ বাবে এই আঁচনি গ্ৰহণ কৰে । দুয়োটা সমষ্টিতে অনুৰূপ আঁচনি দুটা শুভ উদ্বোধন কৰি গোৱালপাৰাবাসী ৰাইজক ব্ৰহ্মপুত্ৰৰ পৰা সুৰক্ষা প্ৰদানৰ আশ্বাস দিয়ে মন্ত্ৰী কেশৱ মহন্তই ।