ETV Bharat / state

Fire breaks out in goalpara : নিমিষতে ছাঁই হ’ল ছামাদ আৰু আনোৱাৰৰ সপোনৰ ঘৰখন

author img

By

Published : Feb 22, 2022, 6:30 PM IST

গোৱালপাৰাৰ জলেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ড (Goalpara fire incident) । এই অগ্নিকাণ্ডত চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে ভষ্মিভূত হয় ৷ লগতে জুইত জাহ যায় প্ৰায় ৭ লাখ টকাৰ সা-সম্পত্তি আৰু বহু নথি-পত্ৰ ৷

Fire broke out
জলেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ড

গোৱালপাৰা, 22 ফেব্ৰুৱাৰী : গোৱালপাৰাৰ জলেশ্বৰত অঘটন ৷ মঙলবাৰে গোৱালপাৰাৰ জলেশ্বৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Goalpara fire incident) । অগ্নিকাণ্ডত চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় প্ৰায় ৭ লাখ টকাৰ সা-সম্পত্তি ।

জলেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ড

প্ৰাপ্ত তথ্য অনুসৰি, গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত ভালুকমাৰী গাঁৱত মঙলবাৰে দুপুৰীয়া ছামাদ আলী আৰু আনোৱাৰ হোছেইন নামৰ দুজন লোকৰ বাসগৃহত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । জুইৰ লেলিহান শিখাত নিমিষতে ভস্মীভূত হয় চাৰিটাকৈ বাসগৃহ । জানিব পৰা মতে, অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা-সম্পত্তিৰ লগতে জুইত জাহ যায় বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু নগদ ধনো ৷

ইফালে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ততাতিয়াকৈ খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক । পৰৱৰ্তী সময়ত, লক্ষীপুৰ অগ্নি নিৰ্বাপকবাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় ৷ ফলত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে গাঁওবাসী । স্থানীৰ ৰাইজে উল্লেখ কৰা অনুসৰি, জুই নিৰ্বাপন কৰিবলৈ যোৱা সময়ত আনোৱাৰ আলী নামৰ লোকক আহত হয় । অৱশ্যে কেনেকৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ হ’ল, সেই সন্দৰ্ভত বৰ্তমানলৈকে জানিব পৰা নাই কোনো তথ্য ।

লগতে পঢ়ক : Bokajan Fire: কাৰ্বি আংলঙৰ বোকাজানত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.