ETV Bharat / state

Jonali Nath Murder case update: হাছানুৰৰ স্বীকাৰোক্তি ভুৱা, কাঠৰ টুকুৰাৰে মৰিয়াই হত্যা কৰিছিল জোনালীক - আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী

জোনালী নাথ হত্যাকাণ্ডকলৈ তৎপৰ হৈছে গোৱালপাৰা আৰক্ষী। গোৱালপাৰা আৰক্ষীয়ে হাছানুৰৰ বাসগৃহত অভিযান চলাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা কাঠৰ টুকুৰা এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে চিআইডিৰ জেৰাত যে হত্যাকাৰী হাছানুৰে বহু মিছা কথা কৈছিল সেই কথাও প্ৰমাণ হৈ পৰিছে ৷

Jonali nath murder case investigation update
কাঠৰ টুকুৰাৰে মৰিয়াই হত্যা কৰিছিল জোনালীক
author img

By

Published : Jun 15, 2023, 8:27 PM IST

কাঠৰ টুকুৰাৰে মৰিয়াই হত্যা কৰিছিল জোনালীক

গোৱালপাৰা, 15 জুন : জোনালী নাথৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ । জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনাক লৈ দিনক দিনে ন ন তথ্য পোহৰলৈ আহিছে। বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে গোৱালপাৰা ভ্ৰমণৰ পিচতেই জোনালী হত্যাকাণ্ডকলৈ তৎপৰ হৈছে গোৱালপাৰা আৰক্ষী।

বৃহস্পতিবাৰে হত্যাকাৰী হাছানুৰক লগত লৈ তেওঁৰ বাসগৃহত গোৱালপাৰা আৰক্ষীয়ে অভিযান চলায় । গোৱালপাৰা আৰক্ষীয়ে হাছানুৰৰ বাসগৃহত অভিযান চলাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা কাঠৰ টুকুৰা এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি আৰক্ষীয়ে চলোৱা এই এঘণ্টা জোৰা অভিযানৰ অন্তত হত্যাকাৰীটোৰ বাসগৃহৰ পৰা জোনালী নাথৰ কেইবাখনো হিচাপ-নিকাচৰ ডায়েৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

উল্লেখ যে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে বুধবাৰে জোনালী নাথৰ বাসগৃহৰ উপস্থিত হৈ পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰে ৷ লগতে এই হত্যাকাণ্ডৰ সকলো দিশ চালি জাৰি চাই উচিত তদন্ত চলোৱা হ’ব বুলি পৰিয়ালৰ লোকক আশ্বাস দিছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

ইয়াৰ পৰৱৰ্তী সমতেই আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীক 60 দিনৰ ভিতৰত হত্যাকাণ্ডৰ ফুলপ্ৰুফ ছাৰ্জশ্বীট দাখিল কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে ৷ তাৰ পিচতেই গোৱালপাৰা আৰক্ষীয়ে তৎপৰ হৈ আজি হত্যাকাৰীক লগত লৈ ডিএছপি অনুৰাগ শৰ্মাই হত্যাকাৰীৰ বাসগৃহত অভিযান চলায় ।

ইয়াৰ পিচতে জোনালী নাথৰ হত্যাকাণ্ড যে পূৰ্ব পৰিকল্পিত আছিল সেয়া স্পষ্ট হৈ পৰিছে। হত্যাকাৰীৰ ভাষ্যমতে জোনালী নাথক কাঠৰ টুকুৰাৰে কোবাই কোবাই হত্যা কৰিছিল। কিন্তু চিআইডিৰ জেৰাত যে হত্যাকাৰী হাছানুৰে বহু মিছা কথা কৈছিল সেয়া বৰ্তমান প্ৰমাণিত হৈছে ৷ কেনেকৈ কাঠৰ টুকুৰাৰে হাছানুৰে জোনালীক হত্যা কৰিছিল সেয়া আৰক্ষীৰ আগত বৰ্ণনা কৰে ৷

কিন্তু জোনালীক গাড়ীৰ ভিতৰতে হত্যা কৰিছিল নে আন কৰবাত হত্যা কৰি ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত পেলাই থৈ গৈছিল সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। হয়তো আৰক্ষীৰ অধিক জেৰাত সেয়াও স্পষ্ট হৈ পৰিব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে ৷

ইফালে স্থানীয় ৰাইজৰ ভাষ্য মতে, জোনালী নাথক হাছানুৰে নিজ বাসগৃহত হত্যা কৰি নিজৰ গাড়ীৰে লৈ কৃষ্ণাইৰ শালপাৰত 17 নং ৰাষ্ট্ৰীয় ঘাইপথতৰ দাঁতিত পেলাই থৈ আহিছিল। গতিকে হত্যাকাৰীক আৰক্ষীয়ে অধিক জেৰা চলালে আৰু বহু তথ্য লাভ কৰিব বুলি উল্লেখ কৰে স্থানীয় লোকে ।

প্ৰণিধানযোগ্য যে, হত্যাকাৰী হাছানুৰক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হৈছিল ৷ যিহেতু আজি এই সময়সীমা উকলিব সেয়েহে কাইলৈ অৰ্থাৎ 16 জুনত আৰক্ষীয়ে পুনৰ আদালতত হাজিৰ কৰাব হাছানুৰক। আৰক্ষীয়ে অধিক তথ্যৰ বাবে পুনৰ হাছানুৰক আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: Jonali Nath Murder case: আমাৰ মা এনেকুৱা নহয়, এইবোৰ মিছা অপযশ- কন্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.