নগৰবেৰা, 10 চেপ্তেম্বৰঃ "ৰাইজৰ দুখ দুৰ্গতি মোচনৰ প্ৰতিশ্ৰুতি দি পঞ্চায়ত সভানেত্ৰী নিৰ্বাচিত হোৱা ৰেজিয়া চুলতানাই এতিয়া ব্যস্ত মুনাফা লুটাত। ৰাজ্য চৰকাৰে আৱন্টন দিয়া বিত্ত আয়োগৰ ৫৪ লাখ টকাৰ ওপৰত চকু সভানেত্ৰী ৰেজিয়া চুলতানা আৰু সচিব ননী গোপাল সাহাৰ । গাঁও সভাৰ ৰাইজৰ প্ৰস্তাৱ অনুসৰি আঁচনিৰ নিয়ম ভৰিৰে মোহাৰি গোপনে সভানেত্ৰী সচিবে দাখিল কৰিলে আঁচনি। ৰাইজ মৰক, কিন্তু মোটা অংকৰ লাভৰ অংকত ব্যস্ত ৰেজিয়া চুলতানা আৰু ননী গোপাল সাহা ।"
এয়া আমাৰ ভাষ্য নহয়, এই অভিযোগ নগৰবেৰাৰ জামলাই বাসীৰ ৷ কাৰণ বিধ্বস্ত বাট পথে বিগত বহু দিন ধৰি জ্বলাকলা খোৱাই আহিছে স্থানাীয় ৰাইজক ৷ বিধ্বস্ত পথৰ বাবে ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে বহু লোক ৷ কিন্তু কানসাৰ নাই পঞ্চায়ত সভানেত্ৰী ৰেজিয়া চুলতানাৰ ৷ সেয়ে উপায়ন্তৰ হৈ মঙলবাৰে প্ৰতিবাদত নামিল শ শ ছাত্ৰ ছাত্ৰী। পঞ্চায়ত সভানেত্ৰী ৰেজিয়া চুলতানা আৰু সচিব ননী গোপাল সাহাৰ মইমতালি বন্ধ কৰি ৰাইজৰ মতে আঁচনি ৰূপায়নৰ দাবী কৰে ছাত্ৰ ছাত্ৰী তথা ৰাইজে ।