গোৱালপাৰা, 20 আগষ্টঃ সৌভাগ্য আঁচনিৰ নামত গোৱালপাৰাৰ চেংপতা গাঁৱৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা শক্তি বিভাগৰ ৷ বিগত ডেৰ বছৰে বিদ্যুৎ সংযোগ নিদি ছলাহী কথাৰে প্ৰৱঞ্চনা কৰি আহিছে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ৷ গাঁও খনৰ প্ৰায় পঞ্চাছটা পৰিয়ালৰ পৰা বৈদ্যুতিক মিটাৰৰ নামত এহাজাৰ টকাকৈ সংগ্ৰহ কৰিছিল বিভাগীয় ঠিকাদাৰে ৷ কিন্তু ইয়াৰ পাছতো বিদ্যুৎ সেৱা লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে ৷ স্থানীয় ৰাইজে ঠিকাদাৰৰ অধীনত কাম কৰা ৰফিকুল নামৰ এজন লোকে বিনামূলীয়াকৈ পাব লগা প্ৰত্যেকটো মিটাৰৰ বাবদ এজাহাৰ টকাকৈ ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ৷ অৱশেষত বিদ্যুৎ সেৱাৰ নামত প্ৰৱঞ্চিত হৈ অহা ৰাইজে মঙলবাৰে শক্তি বিভাগৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে বিদ্যুৎ সংযোগৰ দাবী জনাইছে ৷
সৌভাগ্য আঁচনিৰ নামত চূড়ান্ত প্ৰতাৰণা শক্তি বিভাগৰ - সৌভাগ্য আঁচনি
সৌভাগ্য আঁচনিৰ নামত গোৱালপাৰাৰ চেংপতা গাঁৱৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা শক্তি বিভাগৰ , বৈদ্যুতিক মিটাৰৰ নামত এহাজাৰ টকাকৈ সংগ্ৰহ বিভাগীয় ঠিকাদাৰৰ
গোৱালপাৰা, 20 আগষ্টঃ সৌভাগ্য আঁচনিৰ নামত গোৱালপাৰাৰ চেংপতা গাঁৱৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা শক্তি বিভাগৰ ৷ বিগত ডেৰ বছৰে বিদ্যুৎ সংযোগ নিদি ছলাহী কথাৰে প্ৰৱঞ্চনা কৰি আহিছে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ৷ গাঁও খনৰ প্ৰায় পঞ্চাছটা পৰিয়ালৰ পৰা বৈদ্যুতিক মিটাৰৰ নামত এহাজাৰ টকাকৈ সংগ্ৰহ কৰিছিল বিভাগীয় ঠিকাদাৰে ৷ কিন্তু ইয়াৰ পাছতো বিদ্যুৎ সেৱা লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে ৷ স্থানীয় ৰাইজে ঠিকাদাৰৰ অধীনত কাম কৰা ৰফিকুল নামৰ এজন লোকে বিনামূলীয়াকৈ পাব লগা প্ৰত্যেকটো মিটাৰৰ বাবদ এজাহাৰ টকাকৈ ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ৷ অৱশেষত বিদ্যুৎ সেৱাৰ নামত প্ৰৱঞ্চিত হৈ অহা ৰাইজে মঙলবাৰে শক্তি বিভাগৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে বিদ্যুৎ সংযোগৰ দাবী জনাইছে ৷
Anchor:- সৌভাগ্য আঁচনিৰ নামত প্ৰতাৰণা হিতাধিকাৰীক। বৈদ্যুতিক মিটাৰৰ নামত প্ৰতিটো পৰিয়ালৰ পৰা এহাজাৰ টকাকৈ সংগ্ৰহ কৰিলে ঠিকাদাৰে। বিগত ডেৰটা বছৰে বৈদ্যুতিক সংযোগ নিদি ছলাহী কথাৰে প্ৰৱঞ্চনা কৰি আছে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষ। ক্ষোভিত ৰাইজৰ বৈদ্যুতিক মিটাৰ লৈ ৰাজপথত প্ৰতিবাদ। উৎকট গৰমৰ সময়তো আজিলৈ লাভ নকৰিলে গোৱালপাৰাৰ চেংপতা গাঁৱৰ ৰাইজ।Body:slug: as_gol_20aug_goalpara_corruption_&_protest_vis2+byt2_7203844
V O :- গাঁৱখনৰ প্ৰায় পঞ্চাছটা পৰিয়াল লাভ কৰা নাই বৈদ্যুতিক সংযোগ। উন্নয়নৰ প্ৰতিশ্ৰুতি আৰু পৰিবৰ্তনৰ শ্লোগান দিয়া দিছপুৰৰ বৰমূৰীয়াসকলৰ চকু পৰা নাই এই গাঁৱখনলৈ। প্ৰায় ডেৰ বছৰ পূৰ্বে বৈদ্যুতিক সংযোগ পাব বুলি প্ৰতিটো পৰিয়াললৈ বিভাগীয় কৰ্ত্তৃপক্ষৰ সহযোগত ঠিকাদাৰে দিছিল একোটাকৈ বৈদ্যুতিক মিটাৰ। বিনামূলীয়াকৈ পাবলগীয়া মিটাৰটো এইসকল ৰাইজে ক্ৰয় কৰিবলগা হ'ল এহাজাৰ টকাত। ঠিকাদাৰৰ অধীনত কাম কৰা ৰফিকুল নামৰ লোকজনে একোটা মিটাৰৰ বাবদ সংগ্ৰহ কৰিছিল এই টকা। মিটাৰ পোৱাৰ ডেৰ বছৰ পাছতো বিদ্যুৎ সংযোগ নোপোৱাত চেংপতা গাঁৱৰ ৰাইজে উজাৰিলে ক্ষোভ। ৰাজপথলৈ ওলাই কৰিলে প্ৰতিবাদ। প্ৰতিবাদী ৰাইজে শীঘ্ৰে বিদ্যুৎ সংযোগ দিয়াৰ বাবে জনাইছে দাবী। Conclusion:slug: as_gol_20aug_goalpara_corruption_&_protest_story_vis2+byt2_7203844
Byt: স্থানীয় ৰাইজ।
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টিভি ভাৰত অসম।