ETV Bharat / state

জলেশ্বৰ সমষ্টিত এইবাৰ ব্যতিক্ৰমী প্ৰাৰ্থী - বিধায়ক নিৰ্বাচিত

গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত এইবাৰ ফকিৰ বাবাৰ ৰাজনীতি । সাধনা এৰি ৰাজনীতিৰ পথাৰত ফকিৰ বাবা ৷

জলেশ্বৰ সমষ্টিত এইবাৰ ফকিৰ বাবাৰ ৰাজনীতি

author img

By

Published : Mar 22, 2021, 7:03 AM IST

গোৱালপাৰা,22 মাৰ্চঃ 39 নং জলেশ্বৰ সমষ্টিত ব্যতিক্ৰমী ৰূপত অৱতীৰ্ণ হৈছে এগৰাকী প্ৰাৰ্থীয়ে । পিছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ঠিকেই কিন্তু ৰাইজৰ পৰা ভোট নিবিচাৰে ফকিৰ বাবা মোজাহাৰুল ইছলাম নামৰ প্ৰাৰ্থীগৰাকীয়ে । নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা কৰিব ফকিৰ বাবাজনে ।

জলেশ্বৰ সমষ্টিত এইবাৰ ফকিৰ বাবাৰ ৰাজনীতি

কোনো ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন নলয় ফকিৰ বাবাজনে । বিধায়ক হিচাপে নিৰ্বাচিত হ’লে ফকিৰ বাবাই প্ৰথমে বান, গঢ়া খহনীয়া আদি সমস্যা সমাধান কৰাৰ লগতে বাবাই গঢ়িব এখন বিশ্ববিদ্যালয়, দহখন মহাবিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে দহখন চিকিৎসালয় ৷ ইয়াৰ উপৰিও বাবাই সত্ৰাধিকাৰ আৰু ফকিৰ সকলক মাহেকত দিব 25,000 টকাকৈ । এতিয়া ৰাজনীতিৰ এই মহাৰণত সমষ্টিবাসীয়ে ফকিৰ বাবাক কিদৰে আকোৱালি ল'ব সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ ৰাজ্যত ক’ভিড-19 দ্বিতীয় ৱেভৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.