গোৱালপাৰা,25অক্টোবৰঃ গোৱালপাৰাত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে মংগোলীয় ৰাভা । বাৰীৰ পাণ বিক্ৰী কৰি মাহেকত ২০ ৰ পৰা ২৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম ৰাভাই । নিজৰ বাৰীত থকা ৩৬০ ডাল তামোল গছত পাণ ৰুই আৰু সেই পান বিক্ৰী কৰি উপাৰ্জন কৰা টকাৰে পৰিয়াল পোহ-পাল দি আহিছে মংগোলীয় ৰাভাই ৷
উল্লেখ্য যে, ৰাভাই প্ৰতি মাহেই ২০ ৰ পৰা ২৫ হাজাৰ টকা উপাৰ্জন কৰে কেৱল পাণ বিক্ৰী কৰি । লগতে পাণ বিক্ৰী কৰিয়েই পৰিয়ালক পোহ-পাল দিয়াৰ লগতে ধন সঞ্চয় কৰি আহিছে ৰাভাই । এজন সফল খেতিয়ক হিচাপে এতিয়া ৰাভা গোৱালপাৰাৰ সকলোৰে মাজত পৰিচয় লাভ কৰিছে ৷
কিন্তু পৰিতাপৰ কথা যে, এই পৰ্যন্ত গোৱালপাৰা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা কোনোধৰণৰ সহায় সহযোগিতা লাভ কৰা নাই ৰাভাই ।