ETV Bharat / state

Man Elephant conflict: গোৱালপাৰাত ২৪ ঘণ্টাত হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুজনৰ

author img

By

Published : Apr 12, 2023, 12:00 PM IST

Updated : Apr 12, 2023, 12:14 PM IST

গোৱালপাৰাত চূড়ান্ত পৰ্যায়ত হাতী মানুহৰ সংঘাত । লক্ষীপুৰৰ ধামৰত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ (Wild elephant persecution in Goalpara)।

Wild elephant persecution in Goalpara
গোৱালপাৰাত হস্তী-মানুহৰ সংঘাত

গোৱালপাৰা, ১২ এপ্ৰিল: ৰাজ্য়ত অব্য়াহত বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত (Man Elephant conflict in Assam) ৷ ৰাজ্য়খনৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলি অহা এই সংঘাতে সম্প্ৰতি জটিল ৰূপ ধাৰণ কৰিছে ৷ হস্তী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যখনত কেৱল মানুহৰেই যে মৃত্যু হৈছে তেনে নহয়, বিভিন্ন ঠাইত হাতীৰো মৃত্য়ু হৈছে ৷ গোৱালপাৰা জিলাত লাডেন নামৰ ত্ৰাসৰ সৃষ্টি কৰা হাতীটোৰ মৃত্যু হোৱাৰ পিচতো জিলাখনত হাতী-মানুহৰ সংঘাত শেষ হোৱা নাই ৷ এনে সন্ত্ৰাসৰ মাজতে জিলাখনত আৰু এজন লোকে প্ৰাণ হেৰুৱালে (Elephant terror in Lakhipur)।

হাতী মানুহৰ সংঘাত

গোৱালপাৰাত অপ্ৰতিৰোধ্য বনৰীয়া হাতীৰ আক্ৰমণ । জিলাখনৰ লক্ষীপুৰত এজনৰ পিচত আনজনকৈ লোকৰ প্ৰাণ গৈছে বনৰীয়া হাতীৰ আক্ৰমণত । সোমবাৰে বনৰীয়া হাতীৰ আক্ৰমণত বোৱালমাৰী গাঁৱৰ নিলিমা খাতুন নামৰ ২১ বছৰীয়া এগৰাকী যুৱতী নিহত হোৱাৰ পিচত পুনৰ মঙলবাৰে নিশা লক্ষীপুৰৰ ধামৰত আকৌ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ । নিহত লোকজনৰ নাম আনোৱাৰ হুছেইন (44) । নিহত লোকজনৰ ঘৰ ধামৰ দ্বিতীয় খণ্ড গাঁৱত।

নিশা বনৰীয়া হাতীৰ বৃহৎ জাকে তাণ্ডৱ চলাইছিল ধামৰ অঞ্চলত । খাদ্যৰ সংকটত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীয়ে নিতৌ ত্ৰাস সৃষ্টি কৰি আহিছে ৷ বন্যহস্তীৰ বৃহৎ জাকটোৱে ৭টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰিও বিনষ্ট কৰে সা-সামগ্ৰী । বনৰীয়া হাতীৰ জাকে দিনে নিশাই তহিলং কৰিছে বিঘাই বিঘাই ধান খেতি । ঘৰ-দুৱাৰ হেৰুওৱা লোকে একপ্ৰকাৰ মুকলি আকাশৰ তলত অৱস্থান কৰিবলগীয়া হৈছে ।

নিশা হ'লেই বনৰীয়া হাতীৰ সন্ত্ৰাসত ত্ৰস্তমান হৈ পৰে জনতা (People demand for protection from Elephant) । মুঠতে এক বিভীষিকাময় পৰিস্থিতিৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে লক্ষীপুৰৰ ধামৰ,গোৱালগুলী,বোৱালমাৰী,হাসডোবা,গৌৰনগৰ চৈবাৰী আদি অঞ্চলৰ লোকে । কিন্তু বন্য হস্তী প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা বন বিভাগৰ নাই কোনো তৎপৰতা । আনফালে, ক্ষতিগ্ৰস্ত লোকে আজিলৈ নাপালে এটা ফুটা কড়িও । অতি শীঘ্ৰে নিহত লোকসকলৰ লগতে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক:Deprived teacher: প্ৰাপ্যৰ পৰা দীৰ্ঘদিনে বঞ্চিত কাকপথাৰৰ দুগৰাকী শিক্ষক

Last Updated : Apr 12, 2023, 12:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.