গোৱালপাৰা, 17 জুন: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ স্থিতিৰ পাছতো গোপনে সৰবৰাহ হৈয়েই আছে ড্ৰাগছ ৷ শুকুৰবাৰে গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ দুই ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে ৷
গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৰ বজাৰত অভিযান চলাই ২০ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰে (Goalpara police raid against drugs) ৷ ইয়াৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে ৰহম আলী(পঁইতা) আৰু হাচেন আলী(বাবু) (Drugs peddler arrested in Goalpara) ৷
আৰক্ষীয়ে জনোৱা অনুসৰি, আটকাধীন সৰবৰাহকাৰী দুটাই বিগত বহুদিনৰ পৰা আৰক্ষীৰ চকুত ধুলি দি চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় । অৱশেষত শুকুৰবাৰে আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰী দুটা ৷
লগতে পঢ়ক : বিহাৰৰ পৰা নগাঁও আৰক্ষীয়ে আটক কৰিলে এজন শিশু নিৰ্যাতনকাৰী