বকো,22 জুনঃ
- গোৱালপাৰা জিলাৰ ধূপধৰাৰ এগৰাকী যুৱকৰ দেহত ধৰা পৰিছে কৰ'ণা পজিটিভ।
- হায়দৰাবাদৰ পৰা কিছুদিন পূৰ্বে আহিছিল ধূপধৰাৰ যুৱকজন ৷
- জিলাখনৰ মাটিয়াৰ এটা কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছিল যুৱকজনক ৷
- সোমবাৰে যুৱকজনক ঘৰলৈ যাবলৈ দিয়া হৈছিল
- তাৰ পিছতে যুৱকজন আহি উপস্থিত হৈছিল ধূপধৰাস্থিত বাসগৃহত।
- ঘৰলৈ যোৱাৰ পিচতহে যুৱকজন কৰণাত আক্ৰান্ত বুলি অৱগত হয় জিলা স্বাস্থ্য বিভাগ।
- লগে লগে যুৱকজনক স্বাস্থ্য বিভাগে গোৱালপাৰালৈ চিকিৎসাৰ বাবে লৈ যায়।
- যুৱকজনৰ পৰিয়ালৰ সকলো সদস্যৰে নমুনা সংগ্ৰহ কৰি কৰা হ'ব পৰীক্ষা।
- গোৱালপাৰা জিলা স্বাস্থ্য বিভাগে সদৰী কৰিলে এই কথা।
লগতে চাওকঃ ওদালগুৰিত 5 জনকৈ স্বাস্থ্য কৰ্মীৰ দেহত কোভিড-19 পজিটিভ