গোৱালপাৰা, ২৭ জানুৱাৰী : শুকুৰবাৰে গোৱালপাৰাত উপস্থিত হৈ গোৱালপাৰা সদৰ আৰক্ষী থানা উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (Bhaskarjyoti Mahanta inaugurated Goalpara PS) । উল্লেখ্য, অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ (Assam Govt Moitri project) অধীনত নৱনিৰ্মিত গোৱালপাৰা সদৰ আৰক্ষী থানাখন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উদ্বোধন কৰাৰ লগতে ভাৰ্চুৱেলী উদ্বোধন কৰে আন তিনিখনকৈ আৰক্ষী থানা ।
উল্লেখ্য, এই উপলক্ষে আয়োজিত অনুষ্ঠানত শুকুৰবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (Assam Police DGP Bhaskarjyoti Mahanta) সৈতে গোৱালপাৰাত উপস্থিত হয় আৰক্ষী মহাপৰিদৰ্শক (পশ্চিম সংমণ্ডল) দিলীপ কুমাৰ দে' । মৈত্ৰী আঁচনিৰ অধীনত নৱনিৰ্মিত গোৱালপাৰা সদৰ আৰক্ষী থানা উদ্বোধন কৰাৰ উপৰি ভাৰ্চুৱেলভাৱে উদ্বোধন কৰে গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানা, বৰপেটা জিলাৰ হাউলি আৰক্ষী থানা আৰু কামৰূপ জিলাৰ নগবেৰা আৰক্ষী থানা ।
প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে এই প্ৰতিখন থানাকে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে । আনহাতে, আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকে গোৱালপাৰা সদৰ আৰক্ষী থানাৰ ভিতৰভাগ দৰ্শন কৰি আপ্লুত হৈ উল্লেখ কৰে যে মৈত্ৰী আঁচনিৰ অধীনত অসমৰ প্ৰতিখন থানা এতিয়া আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব । ইতিমধ্যে মৈত্ৰী আঁচনিৰ অধীনত অসমত ৮৫ খনকৈ থানা সম্পূৰ্ণকৈ নিৰ্মাণ কৰা হৈছে আৰু বাকী থানাসমূহো এই আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ'ব ।
তাৰ বাবে ইতিমধ্যে পুঁজিও আবণ্টন দিয়া হৈছে বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে । ইপিনে আৰক্ষী মহাপৰিদৰ্শক (পশ্চিম সংমণ্ডল) দিলীপ দে'ই ভাষণ প্ৰসংগত কয় যে প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা থানাসমূহত আছে পুৰুষ আৰু মহিলা অপৰাধীৰ বাবে অত্যাধুনিক সুবিধা । পুৰুষ আৰু মহিলা অপৰাধীৰ বাবে বেলেগ বেলেগ কোঠাৰ ব্যৱস্থা কৰা হৈছে । মহিলা অপৰাধীৰ যদি কেঁচুৱা থাকে তেন্তে কেঁচুৱাৰ বাবেও আছে সুকীয়া ব্যৱস্থা । অত্যাধুনিক সুবিধা থকা থানাখনত অপৰাধীয়ে সোমাই ওলাই আহিব নুখুজিব বুলিও টিপ্পনি দিয়ে আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ।
উল্লেখ্য, শুকুৰবাৰে হাউলী আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনো উদ্বোধন কৰা হয় ৷ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই নৱনিৰ্মিত ভৱনটো ভাৰ্চুৱেলী মুকলি কৰে ৷ ৰাজ্য চৰকাৰৰ মৈত্রী আঁচনিৰ অধীনত ১.৩৮ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে থানাখন । নতুন ভৱনটোৱে থানাখনৰ এটা বহু দিনীয়া অভাৱ পূৰণ কৰা বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ থানাখনৰ ভৱন মুকলি অনুষ্ঠানত অসম শিশু সাহিত্য ন্যাসৰ অধ্যক্ষ হৃষিকেশ গোস্বামী, বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে আৰক্ষীৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া আৰু স্থানীয় বহু বিশিষ্ট নাগৰিক উপস্থিত থাকে ।
লগতে পঢ়ক :Inclusion of Village in BTR : শোণিতপুৰত বড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তিত আনন্দোল্লাস