গোৱালপাৰা, 25 নৱেম্বৰ : য’তে ত’তে সাঙোৰ খাইছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নাম(Food and civil service minister Ranjit kumar Das) ৷ কেৱল ক্ষোভিত হোৱাই নহয় ইয়াকলৈ বিপাঙতো পৰিছে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী গৰাকী ৷ বৃহস্পতিবাৰে গোৱালপাৰা জিলাত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, শাক পাচলিৰ মূল্য বৃদ্ধি তেওঁৰ দায়িত্বত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিসীমাত নপৰে ৷
কিন্তু, প্ৰায়েই পাচলিৰ মূল্য বৃদ্ধি হ’লে প্ৰচাৰ হয় যোগান বিভাগৰ মন্ত্ৰীৰ ব্যৰ্থতাৰ কথা ৷ এচাম সংবাদ মাধ্যমে তেওঁকে দোষাৰোপ কৰি তেনে বাতৰি কৰে বুলি কৈ উদ্বেগ প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjit Das on media spreading wrong information) ৷ এই বিষয়ে মানুহক বুজাবই পৰা নাই নে মানুহে বুজা নাই তেওঁ নাজানে বুলিও উদ্বেগ প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷
অৱশ্যে, তথাপিও ৰাজ্যখনৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে তেওঁ যিমানখিনি সম্ভৱ এই সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ চেষ্টা কৰাৰ কথা উল্লেখ কৰিছে ৰণজিৎ কুমাৰ দাসে ৷
উল্লখযোগ্য যে, বঙাইগাঁওত অনুষ্ঠিত কেবিনেট বৈঠক(Assam cabinet in Bongaigaon)ত অংশ লোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বুধবাৰে বিয়লি গোৱালপাৰা জিলাত উপস্থিত হয় খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী গৰাকী । বুধবাৰে সন্ধিয়া মন্ত্ৰী গৰাকীয়ে গোৱালপাৰাত বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মকৰ্তা সকলৰ লগত মত বিনিময় কৰে ৷
ইয়াৰ লগতে তেওঁ অগপ দলৰ কাৰ্যালয়তো উপস্থিত হৈ অগপৰ কৰ্মকৰ্তা সকলৰ সৈতেও মত বিনিময় কৰে(Ranjit Das meets AGP workers) । একেদৰে বৃহস্পতিবাৰে পুৱা গোৱালপাৰাৰ নতুন আৱৰ্ত ভৱনত তেওঁ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, পেঞ্চনাৰ আঁচনিৰ হিতাধিকাৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ ইয়াৰ লগতে প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে ১৫ গৰাকী হিতাধিকাৰী এক কালীন সাহায্যৰ চেক বিতৰণ কৰে ।
লগতে পঢ়ক : Assam Lok Sabha MPs in Parliament : কোন কিমান সক্ৰিয়, কোন নিমাতী কইনা ?