ETV Bharat / state

লক ডাউন 2.0 : গোৱালপাৰাত আবদ্ধ উজনিৰ 9 জন লোক

গোৱালপাৰা জিলাৰ পিপলিবাৰীৰ মুগা ফাৰ্মত আবদ্ধ উত্তৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ ৯ জনকৈ লোক । কৃষি কৰ্মৰ লগত জড়িত লোক কেইজনে সংবাদ মাধ্যমৰ যোগেদি ঘৰলৈ যোৱাৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনায় ৷

গোৱালপাৰাত আবদ্ধ উজনিৰ 9 জন লোক
গোৱালপাৰাত আবদ্ধ উজনিৰ 9 জন লোক
author img

By

Published : Apr 20, 2020, 5:38 PM IST

গোৱালপাৰা, 20 এপ্ৰিল: সমগ্ৰ দেশজুৰি দ্বিতীয় পৰ্যায়ৰ লক ডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তত কৰ্মসূত্ৰে যোৱা বহু লোক আবদ্ধ হৈ পৰিছে ৷ গোৱালপাৰা জিলাৰ পিপলিবাৰীৰ মুগা ফাৰ্মতো আবদ্ধ হৈ পৰিছে উত্তৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ ৯ জনকৈ লোক। এই সকল লোকৰ অধিকাংশই কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল।

গোৱালপাৰাত আবদ্ধ উজনিৰ 9 জন লোক

উপায়হীন হৈ সংবাদ মাধ্যমৰ যোগেদি অতি সোনকালে ঘৰলৈ যোৱাৰ সুবিধা কৰি দিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে এই আবদ্ধ লোককেইজনে ৷ কিয়নো ঘৰলৈ গ’লেহে তেওঁলোকে খেতি পথাৰত কঠীয়া সিঁচি বছৰৰ ধান গোটাব পাৰিব বুলি তেওঁলোকে মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ৰাজ্যৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰিব মাস্ক : নৱ কুমাৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.