ETV Bharat / state

কোন দিশে অসম শিক্ষা ব্যৱস্থা ?

১৯৮১ চনতে স্থাপিত পশ্চিম গোৱালপাৰাৰ বলাইখামাৰ মজলীয়া বিদ্যালয়ত ২৯৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ চাৰি গৰাকী শিক্ষক ৷ কেৱল চাৰি গৰাকী শিক্ষকে আঠটাকৈ শ্ৰেণীত পাঠদান কৰিব লগা হোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিক্ষক সকল ৷

গোৱালপাৰাৰ এখন বিদ্যালয়ৰ দুখজনক ছবি
author img

By

Published : Jun 19, 2019, 6:11 PM IST

গোৱালপাৰা, 19 জুন : পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অধীনস্থ বলাইখামাৰ মজলীয়া বিদ্যালয়ে উদঙাইছে অসম চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ ৷ ১৯৮১ চনত স্থাপিত বিদ্যালয় খনত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ২৯৪ গৰাকী হোৱাৰ বিপৰীতে শিক্ষক আছে মাত্ৰ চাৰি গৰাকী ৷ কেৱল চাৰি গৰাকী শিক্ষকে আঠটাকৈ শ্ৰেণীত পাঠদান কৰিব লগা হোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিক্ষক সকল ৷

গোৱালপাৰাৰ এখন বিদ্যালয়ৰ দুখজনক ছবি

বাৰম্বাৰ উৰ্ধতন কতৃপক্ষক অনুৰোধ জনোৱাৰ পাছতো আজিলৈকে শিক্ষক নিযুক্তি নিদিয়াত বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ ৷ অধঃপতনৰ দিশত আগবঢ়া অসমৰ শিক্ষা খণ্ডৰ এই দুখ লগা ছবি প্ৰতিফলিত হোৱাৰ পাছতো গা লৰা নাই চৰকাৰৰ ৷

Intro: প্ৰায় তিনি শ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ চাৰি গৰাকী শিক্ষক। অধঃপতন ৰ দিশত অসমৰ শিক্ষা ব্যৱস্থা। Body: পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অধীনস্থ এই খন বলাইখামাৰ মজলীয়া বিদ্যালয়। ১৯৮১ চনত স্থাপিত এই খন বিদ্যালয়ত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ২৯৪ গৰাকী। ২৯৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে শিক্ষক মাত্ৰ চাৰি গৰাকী।চাৰি গৰাকী শিক্ষকে আঠটাকৈ শ্ৰেণীত অব্যাহত ৰাখিবলগীয়া পাঠদান প্ৰক্ৰিয়া। অৰ্থাৎ এগৰাকী শিক্ষক একে সময়তে দুটা কৈ শ্ৰেণীত চলাব লাগে পাঠদান। এক প্ৰকাৰ অধোগতিৰ দিশত চৰকাৰী শিক্ষা ব্যৱস্থা। বাৰম্বাৰ উৰ্ধতন কতৃপক্ষক অনুৰোধ জনোৱাৰ পিছতো আজিলৈকে নিদিলে শিক্ষক।
অধস্থলে যাওঁক ছাত্ৰ ছাত্ৰী। তাত কি আহে যায় শিক্ষা বিষয়া কি শিক্ষা মন্ত্ৰীৰ।যেন এই মনোভাৱ শিক্ষা বিভাগৰ। Conclusion: সম্প্ৰতি চৰকাৰী বিদ্যালয়ৰ এই অৱস্থা।কেতিয়াবা এই সকল দুখীয়া ছাত্ৰ ছাত্ৰীৰ ভবিষ্যতৰ কথা শিক্ষা বিভাগ কিম্বা শিক্ষা মন্ত্ৰী গৰাকীয়ে উপলব্ধি কৰিব নে ? এই প্ৰশ্ন সাধাৰণ জনতাৰ।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.