ETV Bharat / state

Terrible Road Accident in Goalpara: গোৱালপাৰাত যাত্ৰীবাহী বাছ-বলেৰ’ৰ মুখামুখি সংঘৰ্ষ, মৃতকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:56 PM IST

Updated : Oct 30, 2023, 6:34 PM IST

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ আৰু বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষত ৷ দুৰ্ঘটনাত চাৰিজন নিহত, আহত কেইবাজনো ৷

Terrible Road Accident in Goalpara
গোৱালপাৰাত যাত্ৰীবাহী বাছ আৰু বলেৰ বাহনৰ মুখামুখি সংঘৰ্ষ

গোৱালপাৰা, 30 অক্টোবৰ : গোৱালপাৰাৰ ধূপধৰাৰ গুলীয়ানপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ আৰু এখন বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষত হয় ৷ ফলত নিহত হৈছে চাৰিজন আৰু আহত হৈছে ছজনকৈ লোক । ধূপধৰাৰ গুলীয়ানপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।

স্থানীয় ৰাইজৰ মতে, গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন । আনহাতে গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে তীব্ৰবেগেৰে গৈ আছিল এখন বলেৰ’ ৷ তেনে সময়তে তীব্ৰবেগী বলেৰ’ বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছত খুন্দা মাৰে ৷

ফলত যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰে । বলেৰ’খনত থকা এগৰাকী যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে দুগৰাকী লোক আহত হয় ৷ ইফালে স্থানীয় ৰাইজৰ তৎপৰতাত আহত দুজনক উদ্ধাৰ কৰি ৰংজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত এজনৰ মৃত্যু হয় । ইফালে বাছখনৰো এজন যাত্ৰী নিহত হৈছে ৷

যাত্ৰীবাহী বাছখনৰ কেইবাগৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় । আনহাতে স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ধূপধৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত 5 গৰাকীকৈ যাত্ৰীক উদ্ধাৰ কৰে ৷ এই দুৰ্ঘটনাৰ ফলত কেইবাগৰাকী যাত্ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনাত নিহত সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে ৷ উল্লেখ্য যে, দুৰ্ঘটনাত আহতসকলৰ ভিতৰত এজনক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণা কৰা হৈছিল যদিও জি এম চি এইচত লোকজন মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত লোকজনৰ পৰিচয় বৰ্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

দুৰ্ঘটনাত থিতাতে নিহত হোৱা যাত্ৰীগৰাকী ফকিৰগঞ্জৰ শালকাটাৰ আছান আলী আৰু মেঘালয়ৰ টিক্ৰীকিল্লাৰ আইৰকাটাৰ ছফিয়াল হক বুলি জানিব পৰা গৈছে ৷ ইফালে দুৰ্ঘটনাত নিহত এগৰাকীৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই । দুৰ্ঘটনা সংগঠিত হোৱা যাত্ৰীবাহী বাছখনৰ নম্বৰ হৈছে এএছ 01 জেচি 4051 আৰু বলেৰ’খনৰ নম্বৰ এ এছ 01 বি ভি 7887 ।

লগতে পঢ়ক:Goalpara ASI Arrested: গোৱালপাৰাত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ-পৰিদৰ্শক

Last Updated : Oct 30, 2023, 6:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.