ETV Bharat / state

গোৱালপাৰাত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ : ধৰ্ষণৰ সন্দেহ

author img

By

Published : Feb 8, 2020, 1:07 PM IST

গোৱালপাৰাত 10 বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ ৷ ধৰ্ষণৰ সন্দেহ ৷ আৰক্ষীৰ তদন্ত আৰম্ভ ৷

ধৰ্ষণৰ সন্দেহ
গোৱালপাৰাত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

গোৱালপাৰা, 8 ফেব্ৰুৱাৰী : গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ মানস ৰিজাৰ্ভত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ তিনি-চাৰিজনীয়া এটা দলে পঞ্চম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷ শুকুৰবাৰে নিশা খাৰুভাজ গাঁৱত ইছলাম ধৰ্মীয় সভাত অংশগ্ৰহণৰ বাবে যোৱা শিশুগৰাকীক ঘৰলৈ উভতাৰ পথত কোনো দুৰ্বৃত্তই মুখত সোপা দি হত্যা কৰাৰ লগতে ধান খেৰৰ মাজত লুকুৱাই থৈ পলায়ন কৰে ৷

গোৱালপাৰাত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

শনিবাৰে পুৱা স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি লক্ষীপুৰ আৰক্ষীক অৱগত কৰে ৷ ইয়াৰ পাচতে লক্ষীপুৰ আৰক্ষীৰ লগতে গোৱালপাৰা অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ দণ্ডাধীশ প্ৰীতম দাসৰ উপস্থিতিত মৃতদেহ চিনাক্তকৰণ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনা সংক্ৰান্তত ইতিমধ্যে এগৰাকী অভিযুক্তক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷

আৰু পঢ়ক : শীঘ্ৰেই আলফা (স্বা) ৰ সৈতে আলোচনাৰ সম্ভাৱনা চৰকাৰৰঃ হিমন্ত বিশ্ব শৰ্মা

Intro:
Anchor : গোৱালপাৰাৰ লক্ষীপুৰৰ মানস ৰিজাৰ্ভত চাঞ্চল্যকৰ হত্যা কাণ্ড। দহ বছৰীয়া শিশু কন্যাক দলবদ্ধ ধৰ্ষণ ।হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ।
Body:as_gol_08feb_801_,goalpara_gang_rape_&_murder_vis+byte_7203844.

Anchor : গোৱালপাৰাৰ লক্ষীপুৰৰ মানস ৰিজাৰ্ভত চাঞ্চল্যকৰ হত্যা কাণ্ড। দহ বছৰীয়া শিশু কন্যাক দলবদ্ধ ধৰ্ষণ ।হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ।

Vol : পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা। দহ বছৰীয়া শিশু কন্যাক দলবদ্ধ ধৰ্ষণ। তিনি চাৰি জনীয়া পাষণ্ডৰ এটা দলে ধৰ্ষণ কৰি হত্যা কৰিলে এগৰাকী নিষ্পাপ শিশুক।
যোৱা নিশা খাৰুভাজ গাঁৱত হৈছিল ইছলামীয় ধৰ্মীয় সভা। সভা থলীলৈ গৈছিল পঞ্চম মান শ্ৰেণীত অধ্যয়নৰত এই গৰাকী ছাত্ৰী। নিশা ঘৰলৈ কোনো লোকৰ সৈতে ওভোতাৰ পথত পাষণ্ড স্বভাৱৰ বৰ্বৰ লোক কেইজনে শিশু গৰাকীৰ ওপৰত চলালে শাৰীৰিক নিৰ্যাতন। এনেকি মুখত সোপা দি মাৰি পেলাই পথাৰত থকা ধান খেৰৰ মাজত লুকুৱাই থয়। পিছত আজি পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি ঘটনা সংক্ৰান্তত লক্ষীপুৰ আৰক্ষীক অৱগত কৰে। লক্ষীপুৰ আৰক্ষীৰ লগতে গোৱালপাৰা অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে। ইতিমধ্যে ঘটনাস্থলীত স্থানীয় দণ্ডাধীশ প্ৰীতম দাসৰ উপস্থিতিত মৃতদেহটো চিনাক্তকৰণ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অবশ্যে এই ঘটনা সংক্ৰান্তত ইতিমধ্যে এগৰাকী অভিযুক্তক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে।

Byte 1 (অতিৰিক্ত আৰক্ষী অধীক্ষক)

Byte -2 (স্থানীয় লোক)

গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।Conclusion:Byte 1 (অতিৰিক্ত আৰক্ষী অধীক্ষক)

Byte -2 (স্থানীয় লোক)

গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.