ডিমা হাছাও,১০ জুন: ডিমা হাছাওত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা(Road Accident in Dima Hasao) । পথ দুৰ্ঘটনাত এজন নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত আন দুজনকৈ যুৱক(One die two injured in road accident) । শুকুৰবাৰে দিনৰ ভাগত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ।
ডিমা হাছাও জিলাৰ হাতীখালিৰ পৰা লামডিং অভিমুখে যোৱাৰ পথত ৰে'লৱে ক্ৰছিঙৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনাটো । এখন মটৰ চাইকেলত তিনি গৰাকী যুৱকে হাতীখালিৰ পৰা আহি আছিল লামডিং অভিমুখে । নিয়ন্ত্ৰণ হেৰুৱাই ৰে'লৱে টাৱাৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাত পতিত হয় বাহনখন ।
মটৰ চাইকেলত থকা তিনি আৰোহীৰ ভিতৰত লোকেন্দ্ৰ দাস নামৰ যুৱকজন থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে । আনহাতে গুৰুতৰভাৱে আহত হয় শ্ৰীৰাম দাস আৰু কিশোৰ দাস নামৰ যুৱক দুজন । আহত দুয়োকে উদ্ধাৰ কৰি আৰক্ষীয়ে লামডিং চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: ক্ষুদ্ৰ সম্প্ৰসাৰণত বৃহৎ সালসলনি: কেইবাগৰাকী মন্ত্রীৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান