ETV Bharat / state

World Environment day2023:প্লাষ্টিকমুক্ত ডিমা হাছাও গঢ়ি তোলাৰ আহ্বান

author img

By

Published : Jun 5, 2023, 6:38 PM IST

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠান,প্ৰতিষ্ঠানত আয়োজন কৰা হয় আকৰ্ষণীয় অনুষ্ঠানৰ (World Environment day celebrated in Assam)। আজি ডিমা হাছাও জিলাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ উদ্য়োগত পালন কৰা হয় এই দিৱস ।

World Environment day celebrated at Dima Hasao
বিশ্ব পৰিৱেশ দিৱস

হাফলং, ৫ জুন:আজি পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস (World Environment day) ৷ পৰিৱেশ বচাওক শ্লোগানেৰে ৰাজ্য়ৰ আন ঠাইৰ লগতে ডিমা হাছাওতো এই দিৱস পালন কৰা হয় । বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিকমুক্ত ডিমা হাছাও গঢ়ি তোলাৰ আহ্বান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেব’লাল গাৰ্লোচাৰ ।

সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি আজি ডিমা হাছাও জিলাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ আৰু বন ,পৰিৱেশ বিভাগৰ যুটীয়া উদ্যোগত হাফলঙত এই দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় (World Environment day celebrated at Dima Hasao)। আজি প্ৰথমতে হাফলং ব'টানিকেল গাৰ্ডেনৰ পৰা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চাইকেল ৰেলি উলিয়াই জাতিংগা হৈ ঘূৰি আহি উক্ত স্থানতেই অন্ত পৰে। ইয়াৰ পিচতে জিলাখনৰ বিভিন্ন ঠাইত এই দিৱস উপলক্ষে গছ পুলি ৰোপন কৰা হয় ।

ইয়াৰ সৈতে সংগতি ৰাখি হাফলং যোগ কেন্দ্ৰৰ চৌহদত এখন সভাৰ আয়োজন কৰা হয় । এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেব’লাল গাৰ্লোচা (CEM of NCHAC)। আনহাতে,সন্মানিত অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, কাৰ্যনিৰ্বাহক সদস্য নজিৎ কেম্প্ৰাই, বন আৰু পৰিবেশ বিভাগৰ চিচিএফ এম তুম নোউং । ডিএফঅ' তুহিন লাংথাচা, তুনু লাংথাচা আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

আজি এই অনুষ্ঠানত হাফলং চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্লাষ্টিক বৰ্জন কৰাৰ বাবে ৰাইজক সজাগ কৰিবলৈ এখন বাটৰ নাট প্ৰদৰ্শন কৰে । ইপিনে, উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেব’লাল গাৰ্লোচাই কয় যে জলবায়ু পৰিৱৰ্তনৰ বাবে এতিয়া ইয়াৰ প্ৰভাৱ বতৰৰ ওপৰত পৰিছে । ডিমা হাছাও জিলাতো দেখা গৈছে বতৰৰ ব্যাপক পৰিৱৰ্তন । তেওঁ পুনৰ কয় যে জলবায়ু পৰিৱৰ্তনৰ বাবে লাহে লাহে অসমৰ অন্যতম পাহাৰীয়া জিলাখনৰো বতৰৰ পৰিৱৰ্তন হৈছে । সেই বাবে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সকলোৱে মিলি কাম কৰিবলৈ তেওঁ আহ্বান জনায় ।

লগত পঢ়ক:World environment day : ৰাজ্য়জুৰি পালন বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.