ETV Bharat / state

Water Crisis in Haflong: হাফলঙত পানীৰ বাবে হাহাকাৰ পৰিস্থিতি; আকাশলংঘী হৈছে পানীৰ দাম - হাফলঙত পানীৰ বাবে হাহাকাৰ পৰিস্থিতি

ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত এতিয়া তীব্ৰ জল সংকটে দেখা দিছে ৷ হাফলঙত পানীৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পানী যোগান ধৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷ হাফলং চহৰৰ বিভিন্ন ঠাইত যোৱা দুই তিনি মাহৰ পৰা পানী যোগান ধৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগে (Water crisis hits Haflong town in Dima Hasao) ৷

Water crisis hits Haflong town
হাফলঙত তীব্ৰ জল সংকট
author img

By

Published : Apr 22, 2023, 12:19 PM IST

হাফলঙত পানীৰ বাবে হাহাকাৰ পৰিস্থিতি

হাফলং, 22 এপ্ৰিল: অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত এতিয়া তীব্ৰ পানীৰ সংকটে দেখা দিছে ৷ হাফলঙত পানীৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পানী যোগান ধৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷ হাফলং চহৰৰ বিভিন্ন ঠাইত যোৱা দুই তিনি মাহৰ পৰা পানী যোগান ধৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগে (Water crisis hits Haflong town in Dima Hasao) ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ উৎস স্থল আৰু জলাশয়, পাহৰীয়া নৈ বৰষুণৰ অভাৱত শুকাই যোৱাৰ ফলত জনস্বাস্থ্য কৰিকৰী বিভাগে পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই ৷ এখন সংবাদমেল সম্বোধন কৰি এই কথা কয় জনস্বাস্থ্য কৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সত্যব্ৰত নাথে ৷ তেওঁ সংবাদমেলত কয়, ‘‘বৰষুণ ন'হলে হাফলং চহৰত পানী যোগান ধৰা সম্ভৱ নহয় ৷ বৰষুণ হলেই হাফলং চহৰত পানী যোগান ধৰা সম্ভৱ হ'ব ৷’’ যাৰ বাবে এতিয়া ভগৱানই একমাত্ৰ ভৰসা বুলি মন্তব্য কৰে জনস্বাস্থ্য কৰিকৰী বিভাগৰ অভিযন্তাগৰাকীয়ে (Water crisis hits Haflong town) ৷

জনস্বাস্থ্য কৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সত্যব্ৰত নাথে আৰু কয় যে, ডিমা হাছাও জিলাত ব্যাপক হাৰত বনাঞ্চল ধ্বংস আৰু গছ কটাৰ বাবে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে ৷ যাৰ বাবে এতিয়া পাহাৰীয়া জিলাখনত পানীৰ বাবে এই সমস্যা সৃষ্টি হৈছে বুলি মন্তব্য কৰি তেওঁ কয় বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লাগে সাধাৰণ নাগৰিকসকলে ৷ অন্যহাতে হাফলং চহৰত পানীৰ সমস্যা সমাধানৰ বাবে এতিয়া অমৃত প্ৰকল্পৰ অধীনত 100 কোটি ধন আবন্টন দিছে চৰকাৰে আৰু ইয়াৰ বাবে এতিয়া নিৰীক্ষণৰ কাম চলিছে বুলি সংবাদমেলত জানিবলৈ দিয়ে জনস্বাস্থ্য কৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সত্যব্ৰত নাথে (Haflong Town Faces Severe Water Crisis) ৷

অমৃত প্ৰকল্পৰ অধীনত গুৱাহাটীৰ পৰা অহা ছাৰ্ভে কৰাৰ দলে হাফলং চহৰত পানীৰ সমস্যা সন্দৰ্ভত কয় হাফলঙত পানীৰ সমস্যা ইমান নহয় ৷ কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগে চহৰত পানীৰ যোগান ধৰাৰ পদ্ধতি সঠিক নহয় ৷ ইয়াৰ উপৰিও হাফলং চহৰত অবৈধভাৱে পানীৰ সংযোগ দিয়াৰ বাবে হাফলং চহৰত পানী যোগান ধৰাত ব্যৰ্থ হৈছে জনস্বাস্থ্য কৰিকৰী বিভাগ বুলি জানিবলৈ দিয়ে দলটোৱে ৷

যোৱা দুই-তিনি মাহৰ পৰা হাফলং চহৰৰ বিভিন্ন ঠাইত জনস্বাস্থ্য কৰিকৰী বিভাগে পানীৰ যোগান ধৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উথ্থাপন হৈছে ৷ আনহাতে হাফলং চহৰত এতিয়া পানীৰ ৰমৰমীয়া বেহা ৷ চহৰত প্ৰতি দুই হাজাৰ লিটাৰ পানী 1200 টকাত বিক্ৰী হৈছে ৷ বাধ্য হৈ এতিয়া পানী কিনিব লগা হৈছে ৰাইজে ৷ কিন্তু যিসকলে এই পানী কিনিবলৈ ব্যৰ্থ হৈছে তেওঁলোকে এতিয়া বিভিন্ন ঠাইৰ পৰা পানী সংগ্ৰহ কৰিব লগা হৈছে ৷

লগতে পঢ়ক: Angkita Dutta Controversy: কংগ্ৰেছত নেতৃত্বৰ অভাৱ, দলটোত কোনেও কাকো নমনা হৈছে: মনোজ ধানোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.