ETV Bharat / state

NCH Autonomous Council: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু তৃণমূল কংগ্ৰেছ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু হৈছে তৃণমূল কংগ্ৰেছ ৷ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত 28 টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্ত দলটোৰ ৷ I.N.D.I.A. ব্লকৰ লগত একেলগে প্ৰতিদ্বন্দিতা কৰা বিষয়টো এতিয়াও অনিশ্চিত ৷

NCH Autonomous Council
NCH Autonomous Council
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:04 PM IST

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু তৃণমূল কংগ্ৰেছ

হাফলং 28 ছেপ্টেম্বৰ: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি কৰিছে অসম তৃণমূল কংগ্ৰেছে ৷ বুধবাৰে ডিমা হাছাও জিলাৰ হাফলং চহৰত জিলা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ উদ্বোধন কৰি এখন সংবাদমেল সম্বোধন কৰে তৃণমূল কংগ্ৰেছৰ নেতা তড়িৎ চট্টোপাধ্যায়ে ৷

সংবাদমেলত তেওঁ কয় যে আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈছে ডিমা হাছাও তৃণমূল কংগ্ৰেছ । তেওঁ জনায় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনত তৃণমূল কংগ্ৰেছে পৰিষদৰ 28টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থী দিব ।

ইতিমধ্যে আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ কলকাতাত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ লগতে এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বিষয়টো লৈ অতি গুৰুত্ব সহকাৰে বিবেচনা কৰে ।

সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেতা তড়িৎ চট্টোপাধ্যায়ে উল্লেখ কৰে যে স্বায়ত্ব শাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনত যুজঁ দিবলৈ সম্পূৰ্ণ প্ৰস্তুত তৃণমূল কংগ্ৰেছ ৷ তেওঁ দাবী কৰে যে অহা নিৰ্বাচনত ডিমা হাছাও জিলাত তৃণমূল কংগ্ৰেছ দুটা সংখ্যাত জয়লাভ কৰিব ৷

নিৰ্বাচনৰ বাবে প্ৰাৰ্থীও প্ৰায় বাচনি কৰা হৈছে বুলিও তেওঁ সদৰী কৰে ৷ তেওঁ আৰু কয় যে ইতিমধ্যেই বহু ৰাজনৈতিক দলৰ লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে ৷ আন বহু লোকেও শুকুৰবাৰে দলটোত যোগদান কৰিব ৷

এই যোগদান কাৰ্যসূচীৰ পৰাই তৃণমূল কংগ্ৰেছ ডিমা হাছাও জিলাত এক শক্তিশালী দল হিচাবে পৰিগণিত হৈছে বুলি সদৰী কৰি তেওঁ লগতে কয় অসমৰ 33 খন জিলাৰ ভিতৰত 30 খন জিলাত তৃণমূল কংগ্ৰেছে জিলা কমিটী গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ।

ইফালে, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা I.N.D.I.A. ব্লক গঠন কৰাৰ কথা দোহাৰি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ইয়াৰ অংশীদাৰী দলৰ সৈতে একেলগে প্ৰতিদ্বন্দিতা কৰা হ’ব নে নহয় সেয়া এতিয়া নিশ্চিত নহয় বুলি নেতাগৰাকীয়ে মন্তব্য কৰে ৷ এই সিদ্ধান্ত কেন্দ্ৰীয় কমিটীয়ে গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক: Assam TMC: I.N.D.I.A.ৰ অংশীদাৰ হিচাপে অসমত 5খন লোকসভা আসন বিচাৰিব TMCয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.