ডিমা হাছাও, ২১ জুন: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত । অহা নৱেম্বৰ বা ডিচেম্বৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্য়ে চৰ্চা হৈছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লক্ষ্য় কৰিয়েই ইতিমধ্যে কংগ্ৰেছ বিজেপি লগতে সকলো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে । এনে কুচকাৱাজৰ মাজতেই ডিমা হাছাও জিলাত কংগ্ৰেছ আৰু বিজেপি দল ত্যাগ কৰি তিনি শতাধিক লোকৰ তৃণমূল কংগ্ৰেছত যোগদান ।
মঙলবাৰে ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচ'ত কংগ্ৰেছ বিজেপি দল ত্যাগ কৰি তিনি শতাধিক লোকে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে । উমৰাংচ' কাৰ্বি ক্লাৱত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা আৰু তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক পলাশ দত্তৰ উপস্থিতিত তিনি শতাধিক লোকে কংগ্ৰেছ আৰু বিজেপি দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে । এই অনুষ্ঠানটোত উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ ডিমা হাছাও জিলা কমিটীৰ সভাপতি অচিং জেমি, সাধাৰণ সম্পাদক চেতমিনথাং খংচাই আদিকে ধৰি তৃণমূল কংগ্ৰেছৰ অন্যান্য নেতৃবৃন্দ ।
ইপিনে,দ্বিতীয়বাৰৰ বাবে বিজেপি দলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত ক্ষমতা দখলৰ বাবে চেষ্টা চলাই আছে । বিজেপি দলে সমগ্ৰ পাহাৰীয়া জিলাত ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত বৰ্তমানে কোনো বিৰোধী দল নাই ।পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ৩৩ গৰাকী সদস্যৰ মাজতে ২৯ গৰাকী সদস্য হৈছে বিজেপি দলৰ । সেয়েহে অহা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অন্য ৰাজনৈতিক দলৰ বাবে ইমান সহজ নহ'ব বুলি চৰ্চা হৈছে । ইপিনে, অহা নিৰ্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে বিজেপিক কঠিন প্ৰত্য়াহ্বান জনাব পাৰে বুলি দাবী কৰিছে এই দল দুটাই ।
লগতে পঢ়ক:Bishnu Prasad Rabha : কৃষকৰ মুক্তিৰ বাবে আকৌ বিষ্ণু ৰাভাৰ প্ৰয়োজন অনুভৱ কৰিলে দীঘেলীবাসীয়ে