ডিমা হাছাও, 2 জানুৱাৰী: হাফলঙৰ পৰা প্ৰায় 130 কিলোমিটাৰ নিলগত অৱস্থিত থুৰুক গাঁৱৰ পাচত এইবাৰ হাফলঙৰ পৰা 75 কিলোমিটাৰ নিলগৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত লাইচঙৰ কেঁপেলো গাঁৱত আৰম্ভ হৈছে তুষাৰপাত ৷ যাৰ বাবে সম্প্ৰতি শীতৰ প্ৰকোপ বৃদ্ধি পাইছে জিলা খনত ৷

তুষাৰপাতৰ দৃশ্য উপভোগ কৰাৰ উদ্দেশ্য বৰ্তমান কেঁপেলো গাঁৱত ভিৰ কৰিছেহি বহু পৰ্যটকে ৷ শনিবাৰৰ দিনটোতো গাঁও খনত তুষাৰপাত চাবলৈ অহা ব্যাপক লোকৰ সমাগম পৰিলক্ষিত হ'ল ৷
লগতে পঢ়ক: আৱৰ্জনাৰ বিপৰীতে সম্পদ হৈ পৰিছে পানী মেটেকা