ডিমা হাছাও 11 মে': ডিমা হাছাও জিলা সীমান্ত আৰক্ষীয়ে দাবী কৰা ধন নিদিয়াৰ বাবেই এগৰাকী মহিলাক বিদেশী সজোৱাৰ অভিযোগ এটা পৰিয়ালৰ । বৈধ নথি-পত্ৰ থকাৰ পিচতো হাফলঙৰ বিদেশী ন্যায়াধিকৰণে 2017 চনৰ 14 জুনত দিয়া একপক্ষীয় ৰায়ত বিদেশী ঘোষণা কৰা হয় ৰত্না মালাকাৰ নামৰ মহিলা গৰাকীক ।
আনহাতে বিদেশী ঘোষণা কৰাৰ পাচত ৰত্না মালাকাৰক ক'লৈ লৈ যোৱা হয় তাৰ কোনো তথ্য নাই পৰিয়ালৰ হাতত । ইফালে পৰিয়ালটোৰ অন্যতম সদস্য গৰাকীৰ অনুপস্থিতিত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালটোৰ মাজত । শনিবাৰে ৰত্না মালাকাৰৰ আত্মীয়ই কয় যে, মাতৃৰ খবৰ নাপাই বৰ্তমানে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে মহিলাগৰাকীৰ ডাঙৰ পুত্ৰ সোণা মালাকাৰে৷ মাতৃৰ শোকতে ঘৰৰ পৰা নিখোজ হৈ আছে সৰু পুত্ৰ । পৰিয়ালৰ সদস্য সকলৰ অভিযোগ বঙালী হোৱাৰ বাবেই পৰিয়ালটোৰ ওপৰত এনে হাৰাশাস্তি চলাইছে আৰক্ষীয়ে । নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত হোৱাৰ উপৰিও 1970 চনৰ আগৰ পৰ্যাপ্ত নথি-পত্ৰ বিদেশী ন্যায়াধিকৰণত দাখিল কৰাৰ পাচতো একমাত্ৰ ধন নিদিয়াৰ কাৰণেই পৰিয়ালটো ন্যায় লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন পক্ষই ।