ডিমা হাছাও, 21 ডিচেম্বৰ: শিলচৰৰ পৰা নতুন দিল্লীলৈ যাবলগীয়া সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছ ৰেলখনৰ পৰা সোমবাৰে নিশা নিউ হাফলং ৰেল ষ্টেচনত আহি উপস্থিত হোৱাৰ পিছতে ৰেল আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচিত ৰেলখনৰ এটা ডবাৰ পৰা আটক কৰা হয় নজনকৈ ম্যানমাৰৰ নাগৰিকক (Rohingya refugees arrested at New Haflong in Dima Hasao) । বৰ্তমান ৰেল আৰক্ষীৰ জিম্মাত থকা মায়ানমাৰৰ এইকেইগৰাকী নাগৰিকে কিধৰণে অসমত প্ৰবেশ কৰিলে তাক জেৰা অব্যাহত ৰাখিছে ৷
ৰেল আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, ম্যানমাৰৰ এইকেইজন ৰোহিঙীয়া নাগৰিকে কিছুদিন পূৰ্বে ম্যানমাৰৰ পৰা সীমান্ত অতিক্ৰম কৰি বাংলাদেশত প্ৰৱেশ কৰি থাকিবলৈ লৈছিল বাংলাদেশত স্থাপন কৰা ৰিফিউজি কেম্পত ৷ ইয়াৰ পিছতে তেওঁলোকে বাংলাদেশৰ পৰা খোজকাঢ়ি ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰে ৷
সোমবাৰ সন্ধিয়া সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছত দিল্লীলৈ বুলি যাত্ৰা কৰি নিউ হাফলং ৰেল ষ্টেচনত উপস্থিত হোৱাৰ পিছতেই ৰেল আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ৰোহিঙীয়া লোক কেইজন ৷ গ্ৰেপ্তাৰ হোৱা দলটোত আছে চাৰিটি শিশুকে ধৰি এগৰাকী মহিলা আৰু চাৰিজন পুৰুষ ।
লগতে পঢ়ক: Encounter in Kokrajhar : আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী