ETV Bharat / state

বিকল্প নতুন ৰেলপথ নিৰ্মাণৰ বাবে চূড়ান্ত ছাৰ্ভেৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ - Deadly flood and landslide in Dima Hasao

ৰুষ্ট প্ৰকৃতিৰ ৰোষত বিদ্ধস্ত ডিমা হাছাওত যাতায়ত ব্যৱস্থা সূচল কৰিবলৈ চেষ্টা অব্যাহত ভাৰতীয় ৰে'লৱেৰ(Indian Railways continues to try to introduce traffic system in Dima Hasao) । কিয়নো ভয়ংকৰ ভূমিস্খলণ আৰু বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল পাহাৰীয়া জিলাখনৰ ৰে'লপথসমূহ(Deadly flood and landslide in Dima Hasao) । সেয়েহে লংকা-শিলচৰ ভায়া চন্দ্ৰনাথপুৰ ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ বাবে চুড়ান্ত ছাৰ্ভেৰ কামকাজ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰে'লবৰ্ডে ।

বিকল্প নতুন ৰেলপথ নিৰ্মাণৰ বাবে চূড়ান্ত ছাৰ্ভেৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

author img

By

Published : Jun 3, 2022, 10:10 PM IST

ডিমা হাছাও,৩ জুন: প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথ বিধস্ত হোৱাৰ পিচতে ভাৰতীয় ৰে'লৱেই হাতত লৈছে বিশেষ পদক্ষেপ(Indian Railways continues to try to introduce traffic system in Dima Hasao) । ডিমা হাছাও জিলা, বৰাইল পাহাৰ আৰু জয়ন্তীয়া পাহাৰক বাদ দি 'লংকা-শিলচৰ ভায়া চন্দ্ৰনাথপুৰ' বিকল্প নতুন ৰেলপথ নিৰ্মাণৰ কৰিবলৈ চূড়ান্ত ছাৰ্ভেৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জেনেৰেল মেনেজাৰক নিৰ্দেশ প্ৰদান কৰে ৰে'লবৰ্ডে ।

railway board orders final survey for construction of new railway tracks
বিকল্প নতুন ৰেলপথ নিৰ্মাণৰ বাবে চূড়ান্ত ছাৰ্ভেৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

উল্লেখ্য যে লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথ নিৰ্মান হোৱাৰ পাছত বৰাইল পাহাৰ আৰু তদানীন্তন উত্তৰ কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমানৰ ডিমা হাছাও জিলাক বাদ দি পূৰ্বেই 'লংকা-শিলচৰ ভায়া চন্দ্ৰনাথপুৰ' ব্ৰডগজ ৰে'লপথ নিৰ্মাণৰ বাবে ছাৰ্ভে কৰা হৈছিল । কিন্তু তেতিয়া কংগ্ৰেছ নেতা তথা ৰাজ্যিক মন্ত্ৰী প্ৰয়াত গোবিন্দ চন্দ্ৰ লাংথাচা, কেন্দ্ৰীয়মন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰয়াত সন্তোষ মোহন দেৱ আৰু লামডিং সমষ্টিৰ বিধায়ক প্ৰয়াত দেৱেশ চক্ৰৱৰ্তীয়ে ইয়াৰ বিৰোধিতা কৰাৰ বাবে এই ৰে'লপথ নিৰ্মাণৰ পৰিকল্পনা বাদ দি ডিমা হাছাও জিলাৰ মাজেদি লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ সিদ্ধান্ত লয় ৰে'ল বিভাগে ।

তেতিয়া এই তিনি গৰাকী কংগ্ৰেছ নেতাই এই যুক্তিত বিৰোধিতা কৰিছিল যে ডিমা হাছাও জিলাক বাদ দি 'লংকা-শিলচৰ ভায়া চন্দ্ৰনাথপুৰ' বিকল্প ৰেলপথ নিৰ্মাণ কৰিলে ডিমা হাছাও জিলাৰ সাধাৰণ ৰাইজ আৰু গাঁও অঞ্চলৰ লোক সকল সমস্যাৰ সন্মুখীন হ'ব । যাৰ বাবে ৰে'ল বিভাগে লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথটো নিৰ্মান কৰিছিল ।

কিন্তু সম্প্ৰতি প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথ বিধ্বস্ত হোৱাৰ পাছতেই এই ৰে'ল পথটো নিৰ্মাণৰ বাবে জোৰদাৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে(Dima Hasao railway line devastated by natural disaster) । 'লংকা-শিলচৰ ভায়া চন্দ্ৰনাথপুৰ' বিকল্প নতুন ৰে'লপথ নিৰ্মাণৰ বাবে ৰে'লমন্ত্ৰণালয়ে ৪৩ কোটি ২৩ লাখ টকা মুকলি কৰি দিয়ে । ১ জুনত এই সন্দৰ্ভত ৰে'লবৰ্ডৰ পৰিচালক বিবেক মাথুৰে এক নিৰ্দেশ জাৰি কৰে ।

লগতে পঢ়ক: Mid day meal scam: মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.