ETV Bharat / state

ডিমা হাচাওক পৃথক কৰি দুখন জিলা ঘোষণাৰ দাবীৰে স্থানীয় দল সংগঠনৰ প্ৰতিবাদ - Assam CM Himanta Biswa Sarma

ডিমা হাছাও জিলাক দুভাগ কৰি দুখন জিলা গঠনৰ বাবে মাত মাতি অহা ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰামৰ দাবীৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন (Protestors demanded separation of Dima Hasao) ৷

Protestors demanded separation of Dima Hasao for declaration of two districts
ডিমা হাচাওক পৃথক কৰি দুখন জিলা ঘোষণাৰ দাবীৰে স্থানীয় দল সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Sep 12, 2022, 7:24 PM IST

হাফলং, 12 ছেপ্টেম্বৰ: ডিমা হাছাও জিলাক দুভাগ কৰি দুখন জিলা গঠনৰ বাবে ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰামৰ দাবীৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ডিমা হাছাও জিলাত ৷ 2010 চনৰ 30 মাৰ্চত অসম চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও কৰাৰ পিছৰ পৰা ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰামে জিলাখনক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবীত আন্দোলন কৰি আহিছে (Protestors demanded separation of Dima Hasao) ৷

ইয়াৰ মাজতে দেওবাৰে পৃথক জিলা গঠনৰ দাবীত দিছপুৰত ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰাম, উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ কৰ্তৃপক্ষ, ডিমা হাছাও জিলা প্ৰশাসনৰ লগতে পৃথক জিলা গঠনৰ দাবীৰে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া কমিটিৰ লগত এক বৈঠক অনুষ্ঠিত হৈছিল (Dima Hasao for declaration of two districts)৷ ইয়াৰ পিছতে এই বৈঠকৰ বিৰোধিতা কৰি সোমবাৰে পাৰ্বত্য জিলাখনৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ডিমাছা জনগোষ্ঠীৰ সামাজিক সংগঠন জাদিখে নাইশ হছম, ডিমাছা ষ্টুডেন্টছ ইউনিয়ন, সদৌ ডিমাছা ছাত্ৰ সংস্থা, ডিমাছা মাদাৰছ এছ’চিয়েচন আৰু ডিমা জালাই হছমৰ লগতে বিভিন্ন দল সংগঠনে ৷

ডিমা হাচাওক পৃথক কৰি দুখন জিলা ঘোষণাৰ দাবীৰে স্থানীয় দল সংগঠনৰ প্ৰতিবাদ

সোমবাৰে হাফলং পৌৰসভা চৌহদৰ পৰা এক প্ৰতিবাদী মিছিল উলিয়াই প্ৰতিবাদী সংগঠনকেইটাই সমগ্ৰ চহৰ ঘূৰি হাফলং জিলা উপায়ুক্তৰ কাৰ্যালৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদীসকলে পৃথক জিলা দাবীৰে ডিমা হাছাওৰ জিলা উপায়ুক্ত নাজৰিন আহমেদৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ (Assam CM Himanta Biswa Sarma) এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

প্ৰতিবাদকাৰীসকলে ক’লে, আমাকো লাগে পৃথক জিলা ; কিন্তু সাম্প্ৰদায়িক দৃষ্টি ভংগীৰে কোনো কাৰণতেই ডিমা হাছাও জিলাৰ বিভক্তিকৰণ মানি লোৱা নহ’ব । জাদিখে নাইছ হছমৰ সভাপতি কল্যান দাওলাগাপুৱে কয় যে, "আমি শান্তি বিচাৰো ৷ পৃথক জিলা গঠনৰ সন্দৰ্ভত তথাকথিত সংগঠন ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰামে ডিমা হাছাও জিলাত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে ৷ ৰাজ্য চৰকাৰে এই পৃথক জিলা গঠনৰ সন্দৰ্ভত ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰামৰ লগত আলোচনা কৰিলে নহ’ব ৷ ডিমা হাছাও জিলাৰ 11 খন জাতি জনগোষ্ঠীৰ সামাজিক সংগঠনৰ যৌথ সমন্বয় কমিটি আৰু বিভিন্ন ডিমাছা সংগঠনৰ লগত এই সন্দৰ্ভত চৰকাৰে আলোচনা কৰিব লাগে ৷"

এই প্ৰতিবাদী কাৰ্যসূচীত ডিমাছা জনগোষ্ঠীৰ বাহিৰে অন্যান্য দল সংগঠনেও সাম্প্ৰদায়িক দৃষ্টিভংগীত ডিমা হাছাও জিলা বিভক্তিকৰণৰ তীব্ৰ বিৰোধিতা কৰে ৷ উল্লেখযোগ্য ডিমা হাছাওত পৃথক জিলা গঠনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কেইবাগৰাকী মন্ত্ৰীক লৈ এখন কমিটি গঠন কৰি দিছিল ৷ কিন্তু দেওবাৰৰ বৈঠকত এই কমিটিখনে পৃথক জিলা গঠন হ’লে কোন কোন অঞ্চল সমূহ এই দুই জিলাৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব তাক লৈ অৱসৰপ্ৰাপ্ত এজন বিচাৰপতি আৰু প্ৰশাসনিক বিষয়াৰে এখন কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷

লগতে পঢ়ক: পাঞ্জাবাৰীত কাৰ্বি ফিল্ম ছোচাইটি আৰু আৰ্টিষ্ট ফ'ৰাম গঠন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.