ডিমা হাছাও, 20 এপ্ৰিল: দেশজুৰি অব্যাহত আছে লক ডাউন ৷ কিন্তু এই লক ডাউনৰ সময়ছোৱাতে নানা অজুহাতেৰে চৰাকাৰী নিয়ম উলংঘা কৰি আহিছে একংশই ৷ এইবাৰ হাফলঙত লক ডাউন অমান্য কৰি আৰক্ষীৰ শাস্তিৰ সন্মুখীন হ'ল এজন যুৱক ৷ উল্লেখ্য যে 20 এপ্ৰিলৰ পিছত লক ডাউন শিথিল কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ কৰা ঘোষণাৰ পিছতে সোমবাৰে হাফলংত লক ডাউন ভংগ কৰি বজাৰলৈ উলাই আহিল একাংশ ৰাইজ ৷ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে আৰক্ষী ৷ আৰু লক ডাউন অমান্য কৰি বিনা কামত মটৰ চাইকেল লৈ উলাই অহা এগৰাকী যুৱকক ৰাজপথতে শাস্তি প্ৰদান কৰে আৰক্ষীয়ে ৷ ইয়াৰোপৰিও লক ডাউন অমান্য কৰি আৰক্ষীৰ অনুমতি বিহীন ব্যক্তিগত যান বাহনলৈ ৰাজপথত উলাই অহা বহু ব্যক্তিৰ বিৰুদ্ধে গোচৰো ৰুজু কৰে হাফলং আৰক্ষীয়ে ৷
ইপিনে চৰকাৰে দিয়া বিনামূলীয়া চাউল সংগ্ৰহ কৰাৰ বাবে হাফলং ষ্টেটফেডত সামাজিক দুৰত্ব বজায় নাৰাখি চাউল সংগ্ৰহ কৰাৰ বাবে একাশ পুৰুষ মহিলাই ভিৰ কৰা দৃশ্য পৰিলক্ষিত হয় ৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত তাৎক্ষণিক ভাৱে আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণত আনে ৷ দেখা গৈছে যে কোভিড 19 ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰ,জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা কৰিছে যদিও যেন কৰ'না ভাইৰাছক লৈ সজাগ হোৱা নাই হাফলঙৰ ৰাইজ ৷
লগতে পঢ়কঃ কামৰূপৰ চাংসাৰি এফ চি আই গুদামত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল