ডিমা হাছাও,৬ মে': সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাতো ভয়ংকৰ হৈছে ক'ভিড পৰিস্থিতি ৷ প্ৰত্যেক দিনে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে জিলাখনত । লগতে প্ৰাণো হেৰুৱাইছে । বৃহস্পতিবাৰে পুৱাই জিলাখনৰ হাফলং নৰ্থ বাগেটাৰৰ বাসিন্দা এগৰাকীয়ে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় । হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ । নিহত ব্যক্তিগৰাকীৰ নাম হৈছে থাংলুৰ সেইলো (৭৭) ।
উল্লেখ্য যে, যোৱা ২৮ এপ্ৰিল কৰ'ণাত আক্ৰান্ত হৈছিল থাংলুৰ সেইলো । কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে থাংলুৰ সেইলোক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । অৱশেষত মহামাৰী ক'ভিডেৰে যুঁজি বৃহস্পতিবাৰে পুৱা প্ৰাণ হেৰুৱাই সেইলোই ।
উল্লেখযোগ্য যে, ডিমা হাছাও জিলাত বুধবাৰলৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২২০ গৰাকী আছিল । ইয়াৰে ৩৪ গৰাকী ৰোগী হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । এই ৩৪ গৰাকী ৰোগীৰ ভিতৰত আছিল থাংলুৰ সেইলোও ।
লগতে পঢ়ক: কৰ'ণাকলৈ সজাগ নহয় আমগুৰিৰ একাংশ লোক